পাকিস্তানৰ উত্তৰ পশ্চিম প্ৰান্তত অৱস্থিত খাইবাৰ পাখতুৱা অঞ্চলত মন্দিৰ ধ্বংসৰ অভিযানত নামি পৰিছে পাকিস্তানৰ একাংশ লোক।
শেহতীয়াকৈ পাকিস্তানৰ একাংশ উগ্ৰ মৌলবাদীলোকে খাইবাৰ পাখতুৱা অঞ্চলৰ এটা প্ৰাচীন মন্দিৰ ধ্বংস কৰাৰ বিষয়টোকলৈ ভাৰতে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰিছে।
যোৱা নিশা খাইবাৰ পাখতুৱা অঞ্চলৰ কাৰাক নামৰ স্থানত থকা ১০০ বছৰ পুৰণি মন্দিৰ এটা দুস্কৃতিকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে।
এই ঘটনাৰ পিছতে পাকিস্তানত থকা ভাৰতীয় দূতাবাসে মন্দিৰ ধ্বংসৰ আৰঁৰত থকা দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰে।
ভাৰতৰ দাবীৰ ওচৰত সেও মানি পাকিস্তানৰ চৰকাৰে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষীক কৰায়ত্ব কৰাৰো নিৰ্দেশ দিয়ে।
চৰকাৰৰ পৰা নিৰ্দেশ পোৱাৰ পিছতে আজি খাইবাৰ পাখতুৱাৰ আৰক্ষীয়ে মন্দিৰ ধ্বংসৰ সৈতে জৰিত বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰে।
পাকিস্তানৰ খাইবাৰ পাখতুৱা অঞ্চলত বাস কৰা হিন্দু লোকসকলৰ ওপৰত মৌলবাদী সকলে বহু বছৰৰ পৰাই অত্যাচাৰ চলাই আহিছে যদিও পাক চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই।
শেহতীয়াকৈ ভাৰতৰ হেঁচাতহে পাকিস্তানৰ চৰকাৰে মন্দিৰ ধ্বংস কৰাসকলৰ বিৰুদ্ধে কিছু কঠোৰ হোৱা দেখা গৈছে।