• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘট: স্তব্ধ পৰিবহণ আৰু বেংক সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 1:13 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ “শ্ৰমিক-বিৰোধী, কৃষক-বিৰোধী আৰু দেশবিৰোধী কৰ্পোৰেট সমৰ্থক নীতি”ৰ বিৰুদ্ধে ট্ৰেড ইউনিয়নসমূহে ঘোষণা কৰা দেশজোৰা ধৰ্মঘটে বিভিন্ন ৰাজ্যত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰিছে। বিশেষকৈ পৰিবহণ আৰু বেঙ্কিং সেৱা অধিক প্ৰভাৱিত হৈছে।

ইনটিউচি, এআইটিইউচি, এইচএমএছ, চিটিইউ, আইইউচিটিউচি, ছেৱা, এআইচিচিটিইউ, এলপিএফ আৰু ইউটিউচিকে ধৰি দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ এটা যৌথ মঞ্চই এই সাধাৰণ ধৰ্মঘটৰ আহ্বান জনাইছে। মঞ্চখনৰ দাবী অনুসৰি, ধৰ্মঘটৰ বাবে দেশজুৰি প্ৰায় ৩০ কোটি শ্ৰমিকক একত্ৰিত কৰা হৈছে।

Apply Now

প্ৰতিবাদকাৰীসকলে চাৰিখন শ্ৰম বিধিবাতিল কৰাৰ দাবী জনাইছে। তেওঁলোকৰ মতে, এই বিধিয়ে শ্ৰমিকৰ অধিকাৰ দুৰ্বল কৰিছে, চাকৰিৰ নিৰাপত্তা হ্ৰাস কৰিছে আৰু নিয়োগকৰ্তাৰ বাবে কৰ্মচাৰী নিযুক্তি তথা বৰ্খাস্ত কৰা প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে।

ইয়াৰ উপৰি তেওঁলোকে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আইন পুনৰুদ্ধাৰ কৰা আৰু ‘বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) আইন, ২০২৫’ বাতিল কৰাৰ দাবী জনাইছে। ইউনিয়নসমূহে ড্ৰাফ্ট চিড বিল (Draft Seed Bill), বিদ্যুৎ সংশোধনী বিধেয়ক আৰু ‘ছান্টি (SHANTI) এক্ট’ অৰ্থাৎ Sustainable Harnessing and Advancement of Nuclear Energy for Transforming India Act প্ৰত্যাহাৰৰ বাবেও আহ্বান জনাইছে।

অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা অমৰজিৎ কৌৰে জনোৱা মতে, অসম, তামিলনাডু, পণ্ডিচেৰী, কেৰালা, ওড়িশা আৰু বিহাৰৰ দৰে ৰাজ্যসমূহৰ পৰা আন্দোলনৰ খবৰ পোৱা গৈছে। তেওঁ লগতে কয় যে নতুন দিল্লীৰ ঔদ্যোগিক এলেকাসমূহত শোভাযাত্ৰা আৰম্ভ হৈছে আৰু ৰাজপথত যান-বাহনৰ চলাচল তুলনামূলকভাৱে পাতল। কৌৰে জনাইছে যে বেঙ্কিং, বীমা, ডাক, পৰিবহণ, স্বাস্থ্য, কয়লা আৰু অ-কয়লা খনি, গেছ পাইপলাইন আৰু বিদ্যুৎ খণ্ড এই ধৰ্মঘটৰ ফলত প্ৰভাৱিত হ’ব।

ওড়িশাৰ ভুৱনেশ্বৰ, কটক আৰু ৰাউৰকেলাৰ দৰে ঠাইত পৰিবহণ সেৱা বন্ধ হৈ পৰাত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হয়। ৰাজধানী চহৰত প্ৰতিবাদকাৰীয়ে ষ্টেচন স্কোৱেৰৰ ওচৰত অৱৰোধ কৰাৰ ফলত ৰে’ল ষ্টেচনত যাত্ৰীসকল আবদ্ধ হৈ পৰে। ধৰ্মঘটৰ বাবে ‘আমা বাছ’ আৰু অটো-ৰিক্সা সেৱা ব্যাহত হয়। ৰাজধানী চহৰখনৰ মুখ্য বাণিজ্যিক প্ৰতিষ্ঠানসমূহো বন্ধ থাকে। জয়দেৱ বিহাৰৰ ১৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত যান-জঁটৰ সৃষ্টি হয়।

ঝাৰখণ্ডত বিভিন্ন ট্ৰেড ইউনিয়নৰ সদস্যসকলে বিভিন্ন কয়লা কোম্পানী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ (PSU) গেটত বিক্ষোভ প্ৰদৰ্শন কৰে। ফলত বেঙ্কিং, বীমা আৰু কয়লা খণ্ড প্ৰভাৱিত হয়। বামপন্থী দল আৰু কংগ্ৰেছে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

কেৰালাত কেএছআৰটিচি (KSRTC) আৰু ব্যক্তিগত বাছসমূহ ৰাস্তাত নোলোৱাৰ ফলত যাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখীন হয়। অটো-ৰিক্সা ইউনিয়নসমূহেও ধৰ্মঘটৰ সময়ত সেৱা আগবঢ়োৱা নাই। পৰিবহণ সেৱাৰ এই ব্যাঘাতৰ বাবে চৰকাৰী কাৰ্যালয়ত উপস্থিতি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ৰাজ্য চৰকাৰে এক নিৰ্দেশ জাৰি কৰি কয় যে ধৰ্মঘটৰ বাবে কোনো বিষয়াৰ অননুমোদিত অনুপস্থিতিক “ডাইজ-নন” (dies-non) হিচাপে গণ্য কৰা হ’ব।

গোৱাত ৰাষ্ট্ৰীয়কৃত বেঙ্ক আৰু বহুতো বীমা কোম্পানীৰ কাৰ্যালয় বন্ধ থাকে। কিছুমান ঔদ্যোগিক গোটো প্ৰভাৱিত হয়। অৱশ্যে অত্যাৱশ্যকীয় সেৱাসমূহত কোনো প্ৰভাৱ পৰা নাই আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাও সুচাৰুৰূপে চলি থাকে। ৰাজধানী চহৰ পানাজীত শ্ৰমিক ইউনিয়নৰ সদস্যসকলে এক প্ৰতিবাদী সমদল উলিয়ায়।

পশ্চিমবংগত এই দেশজোৰা ধৰ্মঘটৰ কোনো বিশেষ প্ৰভাৱ পৰা দেখা নগ’ল। যান-বাহনৰ চলাচল স্বাভাৱিক আছিল আৰু চৰকাৰী তথা ব্যক্তিগত কাৰ্যালয়ত উপস্থিতি নিয়মীয়া আছিল। বৃহস্পতিবাৰে দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ প্ৰথম দিন হোৱাৰ বাবে আৰক্ষী আৰু পৰিবহণ বিভাগৰ তৰফৰ পৰা পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে পৰ্যাপ্ত বাছৰ ব্যৱস্থা কৰা হৈছিল। চি পি আই (এম)ৰ ছাত্ৰ সংগঠন এছ এফ আই (SFI)-এ যাদৱপুৰ আৰু প্ৰেচিডেন্সী বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত ধৰ্মঘটৰ সমৰ্থনত বিক্ষোভ প্ৰদৰ্শন কৰে।

অসমতো দেশজোৰা ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। অসমৰ ধুবুৰী জিলাত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd