• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ক্ৰিকেটৰ পথাৰত আজিও পাকিস্তানৰ খেলুৱৈৰ সৈতে কৰমৰ্দনৰ পৰা বিৰত থাকিল টীম ইণ্ডিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 15, 2026 9:50 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলম্বোত অনুষ্ঠিত ২০২৬ চনৰ আইচিচি টি-২০ বিশ্বকাপৰ এক উত্তেজনা পূৰ্ণ মেচত আজি ক্ৰিকেট বিশ্বই কেৱল বেট-বলৰ যুঁজৰ লগতে প্ৰত্যক্ষ কৰিছে তীব্ৰ কূটনৈতিক উত্তেজনাও । ভাৰত আৰু পাকিস্তানৰ মাজৰ এই মেচখনত টছৰ সময়ত দুই অধিনায়কে কৰমৰ্দন নকৰাৰ ঘটনাই বৰ্তমান তীব্ৰ চৰ্চা লাভ কৰিছে।

কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানৰ দলত কোনো সালসলনি কৰা হোৱা নাই যদিও ভাৰতীয় দলত দুটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা হৈছে। সঞ্জু চেমছনৰ ঠাইত অভিষেক শৰ্মা আৰু আৰ্শদীপ সিঙৰ পৰিৱৰ্তে স্পিনাৰ কুলদীপ যাদৱক চূড়ান্ত একাদশত স্থান দিয়া হৈছে।

Apply Now

খেলপথাৰত দুই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু ছলমান আলী আঘাই টছৰ সময়ত পৰম্পৰাগত কৰমৰ্দনৰ পৰা বিৰত থাকে। ৰাজনৈতিক উত্তেজনাৰ প্ৰেক্ষাপটত দুই দেশৰ খেলুৱৈৰ মাজত এনে আচৰণ আইচিচিৰ কোনো ইভেণ্টত সম্ভৱত প্ৰথমবাৰৰ বাবে দেখা গৈছে। এছিয়া কাপৰ সময়ত পহলগাম হত্যাকাণ্ড আৰু ‘অপাৰেশ্যন সেন্দূৰ’ৰ পাছত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ পৰাই এই ‘কৰমৰ্দন বিতৰ্ক’ৰ সূত্ৰপাত হৈছিল। সেই সময়তো সূৰ্যকুমাৰ যাদৱে পাকিস্তানী অধিনায়কৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল।

মেচৰ পূৰ্বে অনুষ্ঠিত সংবাদমেলতো এই বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছিল। কৰমৰ্দন কৰিব নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত সূৰ্যকুমাৰ যাদৱে ৰহস্য বজাই ৰাখি কৈছিল, “২৪ ঘণ্টা অপেক্ষা কৰক আৰু চাওক।” আনহাতে, পাকিস্তানৰ অধিনায়ক ছলমান আঘাই কূটনৈতিক উত্তৰ দি কয় যে হাত মিলোৱা বা নিমিলোৱাটো ভাৰতীয় দলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।

লাহোৰত অনুষ্ঠিত দুই দেশৰ ক্ৰিকেট বোৰ্ডৰ বৈঠকত প্ৰতীকী কৰমৰ্দনৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও পাছলৈ তাক নাকচ কৰা হয়। ক্ৰিকেট খেলপথাৰৰ এই শীতল যুদ্ধই এতিয়া স্পষ্ট কৰি দিছে যে দুই দেশৰ ৰাজনৈতিক শত্ৰুতাৰ প্ৰভাৱ ক্ৰিকেটৰ পৰম্পৰাগত সৌজন্যতাৰ ওপৰতো পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd