• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানতকৈ ভাৰতত বেছি আছে পাৰমাণৱিক বোমা; ছুইডেনৰ গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিলে তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2024 6:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ প্ৰতিদ্বন্দ্বিতা দুয়োখন দেশৰ সম্পৰ্কত তিক্ততা আনি আহিছে। ইখনৰ পাছত সিখন যুদ্ধ, পাৰস্পৰিক শত্ৰুতা বজাই ৰখাৰ আঁৰত দুয়োখন দেশৰ ৰাজনৈতিক এজেণ্ডা অন্তৰ্নিহিত হৈ আছে। আনকি পাৰমাণৱিক বোমাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত প্ৰতিযোগিতা চলি আছে । শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি পাকিস্তানতকৈ ভাৰতৰ হাতত অধিক পাৰমাণৱিক অস্ত্ৰ আছে। যদিও আন এখন চুবুৰীয়া দেশ চীনৰ তুলনাত ইয়াক কম ক’ব পাৰি।

এই সমীক্ষা অনুসৰি যোৱা এবছৰত চীনে কমেও ৯০টা পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিছে। ২০২৩ চনৰ জানুৱাৰী মাহত চীনৰ হাতত আছিল ৪১০ টা পাৰমাণৱিক অস্ত্ৰ। চলিত বৰ্ষৰ জানুৱাৰী মাহত ৫০০ লৈ বৃদ্ধি পাইছে। ছুইডেনৰ থিংক টেংক ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে সোমবাৰে প্ৰকাশ কৰে এই প্ৰতিবেদন।

চিআইপিআৰৰ অধ্যয়ন অনুসৰি চীনৰ কমিউনিষ্ট চৰকাৰে জানুৱাৰী মাহলৈকে তথ্য লাভ কৰাৰ পাছতো পাৰমাণৱিক অস্ত্ৰৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছিল। কেৱল চীনে নহয়, আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ভাৰত আৰু পাকিস্তানৰ দৰে ৯ খন পাৰমাণৱিক শক্তিৰ দেশে নিৰন্তৰভাৱে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে। একে সময়তে স্থল, নৌ আৰু বায়ুসেনাৰ বাবে পাৰমাণৱিক অস্ত্ৰ লঞ্চাৰৰ ওপৰতো গৱেষণা চলি আছে।

Apply Now

বেলিষ্টিক মিছাইলত উৎক্ষেপণৰ বাবে প্ৰায় ২১০০টা পাৰমাণৱিক ৱাৰহেড প্ৰস্তুত কৰা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰে বেছিভাগেই ৰাছিয়া আৰু আমেৰিকাৰ। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে দেখা গৈছে যে চীনে এনে কেইবাটাও পাৰমাণৱিক বোমা উৎক্ষেপণৰ বাবে প্ৰস্তুত কৰিছে।

পূৰ্বে উল্লেখ কৰা ৬খন দেশৰ উপৰিও ব্ৰিটেইন, ইজৰাইল, উত্তৰ কোৰিয়াৰ লগতে প্ৰায় ৯খন দেশৰ সৈতে চলিত বৰ্ষৰ জানুৱাৰী মাহলৈকে ১২,১২১টা পাৰমাণৱিক বোমা আছে। ইয়াৰে ৯৫৮৫ টা ইতিমধ্যে প্ৰয়োজনৰ সময়ত ব্যৱহাৰৰ বাবে সেনাৰ জিম্মাত আছে। আনুমানিক ৩,৯০৪টা পাৰমাণৱিক অস্ত্ৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে মিছাইল আৰু যুদ্ধবিমানত স্থাপন কৰা হয়। যিটো ২০২৩ চনৰ জানুৱাৰী মাহৰ সংখ্যাতকৈ ৬০ টা বেছি। বাকীবোৰ নিজ নিজ দেশৰ অস্ত্ৰভাণ্ডাৰত আছে।

চিআইপিআৰৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ৯০ শতাংশ পাৰমাণৱিক অস্ত্ৰ ৰাছিয়া আৰু আমেৰিকাৰ হাতত। প্ৰতিবেদন অনুসৰি ভাৰতত ১৭২ টা পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে (২০২৪ চনৰ জানুৱাৰী) আৰু পাকিস্তানত আছে ১৭০ টা। চিআইপিআৰে কয় যে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰৰ মূল লক্ষ্য পাকিস্তান হ’লেও বিগত এবছৰত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰ উন্নত কৰিছে, যাৰ বাবে নতুন দিল্লীৰ হাতত এতিয়া চীনক আক্ৰমণ কৰিব পৰা প্ৰযুক্তি আছে। অৱশ্যে চীনৰ হাতত সম্ভৱতঃ আমেৰিকা আৰু ৰাছিয়াৰ দৰে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd