ভাৰতত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ হাৰ ক্ৰমশ বৃদ্ধি পাইছে। যোৱা সোমবাৰ আৰু মঙলবাৰ দুয়োটা দুদিনত কৰ’না আক্ৰান্তৰ সংখ্যা ৬০হাজাৰৰ তলত আছিল।
মঙলবাৰে গোটেই দিনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৫৩,৪৮০জন। বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩৫৪জন লোকৰ মৃত্যু হৈছে।
দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৫.৫২লাখৰ সীমা অতিক্ৰম কৰিছে।
মঙলবাৰৰ দিনটোত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৪১,২৮০জন।
বুধবাৰে পুৱা ৮বজালৈকে ভাৰতত মুঠ ১,১৪,৩৪,৩০১জন কৰ’না ৰোগী আৰোগ্য হৈ উঠিছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা জানিবলৈ দিয়া মতে বিগত ২৪ ঘন্টাত ভাৰতত নতুনকৈ ৫৩,৪৮০জন লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ১,২১,৪৯,৩৩৫জনলৈ বৃদ্ধি পালে।
মন্ত্ৰ্যালয়ৰ বুলেটিনত সদৰী কৰা মতে বিগত ২৪ ঘন্টাত ৩৫৪জনৰ মৃত্যু ঘটিছে আৰু ইয়াকে লৈ দেশত কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ১,৬২,৪৬৮জনলৈ বৃদ্ধি পাইছে।
বুধবাৰে পুৱা ৮বজা পৰ্যন্ত ভাৰতত সক্ৰিয় কৰনা ৰোগীৰ সংখ্যা হৈছে ৫লাখ ৫২হাজাৰ ৫৬৬জন। সেইদৰে যোৱা ২৪ ঘন্টাত এই সংখ্যা ১১,৮৫৬জনলৈ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা জানিবলৈ দিয়া মতে বুধবাৰে পুৱা ৮বজালৈকে ভাতত মুঠ ৬কোটি ৩০লাখ ৫৪হাজাৰ ৩৫৩জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।
ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ১৯,৪০,৯৯৯জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।