• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০৩০ চনৰ কমনৱেলথ গেমছ: শতবাৰ্ষিকী সংস্কৰণৰ বাবে সাজু ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 11:29 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে ২০৩০ চনৰ কমনৱেলথ গেমছ (Commonwealth Games) আয়োজন কৰিবলৈ সাজু হৈছে। ক্ৰীড়া আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা নিবিদাৰ পিছত ভাৰতক আনুষ্ঠানিকভাৱে আয়োজক হিচাপে ঘোষণা কৰা হ’ব। ২৬ নৱেম্বৰ, বুধবাৰে, গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ স্প’ৰ্টছৰ সাধাৰণ পৰিষদত এই ঘোষণা কৰা হ’ব।

ভাৰতৰ এই নিবিদাৰ বাবে নিৰ্বাচিত চহৰ আহমেদাবাদে বিগত দশকত ক্ৰীড়াৰ আন্তঃগাঁথনি দ্ৰুতগতিত উন্নতি সাধন কৰিছে। মূল স্থানসমূহৰ ভিতৰত আছে চৰ্দাৰ বল্লভভাই পেটেল স্প’ৰ্টছ এনক্লেভ, য’ত নৰেন্দ্ৰ মোডী ষ্টেডিয়াম, এটা একুৱাটিকছ চেণ্টাৰ, ফুটবল ষ্টেডিয়াম আৰু নতুন ইনড’ৰ এৰিনা আদি থাকিব। এই কমপ্লেক্সৰ ভিতৰতে প্ৰায় ৩ হাজাৰ খেলুৱৈৰ বাবে এখন গেমছ ভিলেজো নিৰ্মাণ কৰা হ’ব।

Apply Now

২০৩০ চনৰ এই সংস্কৰণটোত কমনৱেলথ গেমছে শতবাৰ্ষিকী পালন কৰিব। এই বৃহৎ অনুষ্ঠানটোক ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে। উল্লেখযোগ্য যে, ইতিমধ্যে আহমেদাবাদে কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ আৰু এছিয়ান একুৱাটিকছ চেম্পিয়নশ্বিপৰ দৰে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টসমূহ সফলতাৰে আয়োজন কৰিছে।

ভাৰতে ২০২৬ চনৰ গেমছৰ পৰিসৰৰ বিপৰীতে শ্বুটিং, মল্লযুঁজ, ধনুৰ্বিদ্যাৰ দৰে ইভেণ্টসমূহ ঘূৰাই আনিব আৰু কাবাডী আৰু খো খোৰ দৰে পৰম্পৰাগত ভাৰতীয় ক্ৰীড়াসমূহো ইয়াৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে।

উল্লেখ্য যে ইণ্ডিয়ান অলিম্পিক এছ‘চিয়েশ্যন (আই অ’ এ)ৰ নেতৃত্বত আৰু গুজৰাট চৰকাৰৰ সমৰ্থিত ভাৰতৰ এই নিবিদা কাৰিকৰী আন্তঃগাঁথনি আৰু শাসন মানদণ্ডৰ মূল্যায়নৰ পিছত কমনৱেলথ স্প’ৰ্টছ ব’ৰ্ডে পৰামৰ্শ দিছিল। নাইজেৰিয়াৰ আবুজা নামৰ প্ৰতিযোগী চহৰখন ২০৩৪ চনৰ সংস্কৰণৰ বাবে বিবেচনা কৰা হৈছে।

আই অ’ এৰ সভাপতি পি টি উষা, ক্ৰীড়া মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক কুনাল, গুজৰাটৰ ক্ৰীড়া মন্ত্ৰী হৰ্ষ সংঘবীকে ধৰি কেইবাগৰাকীও বিষয়াই গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ স্প’ৰ্টছৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

কমনৱেলথ স্প’ৰ্টছে আহমেদাবাদৰ এই প্ৰস্তাৱক “ভাৰতৰ পৰিসৰ, বৈচিত্ৰ্য আৰু কমনৱেলথ মূল্যবোধৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতিফলন” বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd