ভাৰতীয় প্ৰযুক্তি জগতৰ বাবে এক অতি সুখবৰ আহি পৰিছে। অতি কম সময়ৰ ভিতৰতে ভাৰতত বাণিজ্যিক ভিত্তিত চেমিকণ্ডাক্টৰ বা চিপৰ উৎপাদন আৰম্ভ হ’বলৈ গৈ আছে। শেহতীয়াকৈ কলকাতাত অনুষ্ঠিত এক কাৰ্যসূচীত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি সচিব এছ কৃষ্ণনে এই গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছে।
তেওঁ জনোৱা মতে মাইক্ৰন টেকনোলজী আৰু কেন্স টেকনোলজীৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানসমূহে অহা কেইসপ্তাহমানৰ ভিতৰতে তেওঁলোকৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিব পাৰে। ইয়াৰ ফলত ভাৰতীয় বজাৰত দেশতে নিৰ্মিত চিপ উপলব্ধ হ’ব যিয়ে দেশৰ ডিজিটেল বিপ্লৱক এক নতুন মাত্ৰা প্ৰদান কৰিব।
বৰ্তমান সময়ত চেমিকণ্ডাক্টৰ বা চিপ অবিহনে আধুনিক জীৱনৰ কথা কল্পনা কৰাই অসম্ভৱ। মোবাইল ফোন, কম্পিউটাৰ, ডিজিটেল কেমেৰাৰ পৰা আৰম্ভ কৰি টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন আনকি সাধাৰণ এলইডি বাল্ব পৰ্যন্ত সকলোতে এই বিশেষ উপাদানটোৰ প্ৰয়োজন হয়। ইয়াৰ উপৰি বৰ্তমান সময়ৰ আধুনিক গাড়ীসমূহৰ প্ৰায়বোৰ যান্ত্ৰিক কাম-কাজ এই চিপৰ দ্বাৰাই পৰিচালিত হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতে এতিয়ালৈকে ইয়াৰ প্ৰায় সম্পূৰ্ণ অংশই টাইৱান, চীন, দক্ষিণ কোৰিয়া বা ছিংগাপুৰৰ দৰে দেশৰ পৰা আমদানি কৰিবলগীয়া হয়। বিদেশৰ ওপৰত এনে নিৰ্ভৰশীলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক সংঘাতৰ সময়ত চিপৰ নাটনি হয় আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম বৃদ্ধি পায়।
দেশৰ ভিতৰতে চিপ উৎপাদন আৰম্ভ হ’লে ভাৰতৰ আমদানি নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস পাব। ইয়াৰ ফলত কেৱল যে সামগ্ৰীৰ যোগান সুনিশ্চিত হ’ব তেনে নহয় বৰঞ্চ উৎপাদন ব্যয় কম হোৱাৰ বাবে সাধাৰণ গ্ৰাহকে কম দামতে মোবাইল বা কম্পিউটাৰৰ দৰে সামগ্ৰী লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব। এই লক্ষ্য আগত ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰে দেশত বিনিয়োগৰ আহ্বান জনাইছিল আৰু টাটা গোষ্ঠী, বেদান্ত, মাইক্ৰনৰ দৰে ডাঙৰ কোম্পানীসমূহে ইয়াত সঁহাৰি জনাই কাম আৰম্ভ কৰিছে। ইয়াৰে কেইবাটাও প্ৰকল্পই ইতিমধ্যে পৰীক্ষামূলক কাম সম্পূৰ্ণ কৰিছে আৰু এতিয়া বাণিজ্যিক উৎপাদনৰ বাবে সাজু হৈ উঠিছে।
চিপ উৎপাদনৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে আৰ্টিফিচিয়েল ইনটেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতো বিশেষ গুৰুত্ব দিছে। কেন্দ্ৰীয় সচিবগৰাকীয়ে জনোৱা মতে চৰকাৰে বিভিন্ন ৰাজ্যৰ সৈতে মিলি এআই ডেটা চেণ্টাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত নতুন উদ্ভাৱনী শক্তিক কামত লগোৱা হ’ব। এআইৰ ফলত কৰ্মসংস্থাপনত প্ৰভাৱ পৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সচিবগৰাকীয়ে কয় যে ভাৰতত ইয়াৰ কু-প্ৰভাৱ পৰাৰ সম্ভাৱনা বহুত কম। চৰকাৰে এই নতুন প্ৰযুক্তিক নিয়ন্ত্ৰণ কৰাতকৈ ইয়াক সঠিক দিশত আগুৱাই নিয়াৰ বাবেহে চেষ্টা কৰিছে যাতে ইয়াৰ দ্বাৰা দেশৰ অৰ্থনীতি অধিক শক্তিশালী হয়।





