• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-আমেৰিকা বাণিজ্য চুক্তি “ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ”: তীব্ৰ বিৰোধিতা চিপিআই(এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2026 5:11 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত শেহতীয়া বাণিজ্য চুক্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)। দেওবাৰে এক চৰকাৰী বিবৃতিত চিপিআই(এম)-এ এই চুক্তিক “ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰি কয় যে আমেৰিকাক দিয়া “ব্যাপক ৰেহাইয়ে” দেশৰ অৰ্থনীতি আৰু কৃষি খণ্ডলৈ ভয়াৱহ সংকট কঢ়িয়াই আনিব।

চিপিআই(এম) পলিট ব্যুৰোৱে এক বিবৃতিত জনাইছে যে এই তথাকথিত ‘অন্তৱৰ্তীকালীন চুক্তি’ৰ সবিশেষ তথ্য কেন্দ্ৰীয় চৰকাৰে অবিলম্বে সংসদত দাঙি ধৰিব লাগে। শ্ৰমিক, কৃষক আৰু দেশৰ সাধাৰণ জনতাৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা কোনো চুক্তিতেই চৰকাৰে যাতে স্বাক্ষৰ নকৰে, তাৰ বাবে চৰকাৰক বাধ্য কৰাবলৈ দলটোৱে আহ্বান জনাইছে।

Apply Now

দলটোৰ মতে, বাণিজ্য চুক্তিৰ তথ্যসমূহ ক্ৰমান্বয়ে পোহৰলৈ অহাৰ লগে লগে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্বলতা স্পষ্ট হৈ পৰিছে। চিপিআই(এম)-ৰ গুৰুতৰ অভিযোগ যে বৰ্তমান আমেৰিকাই ভাৰতৰ নীতি নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। আনকি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়তো আমেৰিকাৰ নিৰ্দেশনাত চৰকাৰে কাম কৰা কাৰ্য্যক দলটোৱে চৰকাৰৰ “লজ্জাজনক আত্মসমৰ্পণ” বুলি কটাক্ষ কৰে।

চুক্তিখনৰ চৰ্ত অনুসৰি আমেৰিকাৰ পৰা আমদানি কৰা কপাহ, আপেল, বাদাম, চয়াবিন তেল আৰু অন্যান্য খাদ্য সামগ্ৰীৰ ওপৰত ভাৰতে কোনো শুল্ক আৰোপ নকৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত দেশৰ লাখ লাখ খেতিয়ক, বিশেষকৈ হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ আপেল খেতিয়কসকল তীব্ৰ প্ৰত্যাহ্বানৰ মুখত পৰিব।

পলিট ব্যুৰোৱে উল্লেখ কৰে যে, “নিউজিলেণ্ডৰ দৰে দেশৰ সৈতে হোৱা চুক্তিয়ে ইতিমধ্যে আমাৰ আপেল খেতিয়কসকলক জুৰুলা কৰিছে। এতিয়া আমেৰিকাৰ সৈতে হোৱা এই নতুন চুক্তিয়ে তেওঁলোকৰ জীৱিকা সম্পূৰ্ণৰূপে ধ্বংস কৰিব।” ইয়াৰ উপৰি অ-শুল্ক বাধা আঁতৰাই দিয়াৰ ফলত ভাৰতীয় কৃষকসকলে আমেৰিকাৰ উচ্চ ৰাজসাহায্যযুক্ত সামগ্ৰীৰ সৈতে প্ৰতিযোগিতাত টিকি থকাটো অসম্ভৱ হৈ পৰিব।

কেৱল কৃষিয়েই নহয়, প্ৰতিৰক্ষা ক্ষেত্ৰতো আমেৰিকাৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চৰকাৰী প্ৰৱণতাক তীব্ৰ সমালোচনা কৰিছে বাওঁ দলটোৱে। তেওঁলোকৰ মতে, আমেৰিকাৰ প্ৰতিৰক্ষা সঁজুলিৰ ওপৰত অত্যধিক নিৰ্ভৰশীলতাই ভাৰতৰ সামৰিক আৰু কৌশলগত স্বাৰ্থৰ ক্ষতি সাধন কৰিব।

উল্লেখ্য যে, পশ্চিম বংগত কংগ্ৰেছে চিপিআই(এম)-ৰ সৈতে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি নিৰ্বাচনত অকলে যুঁজাৰ সিদ্ধান্ত লোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে চিপিআই(এম)-ৰ এই তীব্ৰ আক্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

ধাৰাবাহিকভাৱে বাঢ়িছে ব্ৰহ্মপুত্ৰৰ পানী! গুৱাহাটীত উমানন্দকে ধৰি সকলো ফেৰী সেৱা বন্ধ কৰিলে জলপৰিবহণ বিভাগে

June 25, 2026 9:28 am
পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd