• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত ট্ৰাম্পৰ শুল্ক বাতিলৰ পিছতে স্থগিত ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ আলোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 2:11 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুল্কক লৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত বিপৰ্যয়ৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প। এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিৰ আলোচনা স্থগিত ৰখা হৈছে। এই সপ্তাহত দুয়োখন দেশৰ প্ৰতিনিধিয়ে তিনিদিনীয়া আলোচনাত মিলিত হোৱাৰ কথা আছিল। অৱশ্যে এতিয়া সেয়া স্থগিত কৰা হৈছে।

উল্লেখযোগ্য যে ভাৰত আৰু আমেৰিকাই অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ বাবে মাৰ্চ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। অৱশ্যে সেই সময়সীমাৰ ভিতৰত বাণিজ্য চুক্তি সম্পূৰ্ণ নহ’ব বুলি ধাৰণা কৰা হৈছে।

Apply Now

জানিব পৰা মতে, ২৩ ফেব্ৰুৱাৰীত ভাৰত আৰু ৱাশ্বিংটনৰ প্ৰতিনিধিৰ মাজত আলোচনা হ’ব লাগিছিল। কিন্তু বৰ্তমানৰ পৰিস্থিতিত দুয়োপক্ষই ‘সময় লৈছে’। ইফালে ইউৰোপীয় সংসদেও আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ কাম পিছুৱাই দিছে। ইউৰোপীয় সংসদৰ বাণিজ্য মুৰব্বীগৰাকীয়ে কয় যে ট্ৰাম্প প্ৰশাসনে শুল্ক নীতিৰ বিষয়ে স্পষ্ট ধাৰণা নিদিয়ালৈকে সংসদত বাণিজ্য চুক্তি গৃহীত নহ’ব।

ইপিনে, আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীৰে দাবী কৰিছে যে আমেৰিকাই আশা কৰিছে যে তেওঁলোকৰ অংশীদাৰসকলে এই বাণিজ্য চুক্তিৰ পক্ষত থাকিব।

ইয়াৰ পূৰ্বে ২০ ফেব্ৰুৱাৰীত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছিল যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পাৰস্পৰিক শুল্ক নীতি আচলতে অবৈধ। আদালতে এই নীতিৰ অধীনত এতিয়ালৈকে সংগ্ৰহ কৰা সকলো কৰ ঘূৰাই দিয়াৰ নিৰ্দেশো দিয়ে।  উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিশ্বব্যাপী শুল্ক বৃদ্ধিৰ কথা ঘোষণা কৰে।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ কংগ্ৰেছক অতিক্ৰমি কেইবাবাৰো বিভিন্ন দেশৰ ওপৰত শুল্ক আৰোপ কৰিছিল। কিন্তু আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে জৰুৰীকালীন ক্ষমতাৰ অধীনত শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পৰ কাৰ্যক অসাংবিধানিক বুলি ঘোষণা কৰে।

ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত এটা পোষ্টত ট্ৰাম্পে আদালতৰ সিদ্ধান্তক ‘হাস্যকৰ, দুৰ্বল লিখা আৰু আমেৰিকা বিৰোধী’ বুলি অভিহিত কৰে। তেওঁৰ শুল্ক নীতিৰ বিৰুদ্ধে ৰায় দিয়া ন্যায়াধীশসকলকো ট্ৰাম্পে তীব্ৰ সমালোচনা কৰে। একে সময়তে তেওঁৰ শুল্ক নীতিৰ সপক্ষে ভোট দিয়া তিনিজন ন্যায়াধীশক (ব্ৰেট কাভানা, ক্লেৰেন্স থমাছ আৰু চেমুৱেল আলিটো) প্ৰশংসা কৰে।

প্ৰসংগক্ৰমে ট্ৰাম্পে ১৯৭৭ চনৰ আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন (আইইইপিএ)ৰ অধীনত বিভিন্ন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে ৰাষ্ট্ৰপতিয়ে এই আইনৰ অধীনত একপক্ষীয়ভাৱে শুল্ক আৰোপ কৰিব নোৱাৰে।

এই সিদ্ধান্তৰ অৰ্থ হ’ল ভাৰতকে ধৰি বহু দেশৰ ওপৰত আৰোপ কৰা অতিৰিক্ত শুল্ক পূৰ্বৰ স্তৰ প্ৰায় ৩.৫ শতাংশলৈ ঘূৰাই আনিব লাগিব। কিন্তু ২০ ফেব্ৰুৱাৰীৰ নিশা ট্ৰাম্পে কংগ্ৰেছক অতিক্ৰম কৰি ১০ শতাংশ শুল্ক আৰোপ কৰিবলৈ কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে। আকৌ এদিন নৌহওঁতেই তেওঁ শুল্কৰ হাৰ ১৫ শতাংশলৈ বৃদ্ধি কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd