• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

লখনৌৰ ইকানা ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট মেচত ভাৰতীয় দলে ভ্ৰমণকাৰী আফগানিস্তানক ১৭০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে। অধিনায়ক শুভমন গিল আৰু উইকেটৰক্ষক-বেটছমেন ঈশান কিষাণৰ দুৰ্দান্ত শতকৰে ভাৰতে নিৰ্ধাৰিত অভাৰত ৪০২ ৰানৰ বিশাল স্ক'ৰ কৰাৰ বিপৰীতে আফগানিস্তানৰ ইনিংছ মাত্ৰ ২৩২ ৰানতে সীমাবদ্ধ থাকে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2026 12:38 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখনৌৰ ইকানা ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয়খন এদিনীয়া ক্ৰিকেট মেচত ভাৰতীয় দলে ভ্ৰমণকাৰী আফগানিস্তানক ১৭০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে। অধিনায়ক শুভমন গিল আৰু উইকেটৰক্ষক-বেটছমেন ঈশান কিষাণৰ দুৰ্দান্ত শতকৰে ভাৰতে নিৰ্ধাৰিত অভাৰত ৪০২ ৰানৰ বিশাল স্ক‘ৰ কৰাৰ বিপৰীতে আফগানিস্তানৰ ইনিংছ মাত্ৰ ২৩২ ৰানতে সীমাবদ্ধ থাকে। এই বৃহৎ জয়ৰ লগে লগে ভাৰতে শৃংখলাটো নিজৰ দখললৈ অনাৰ লগতে এদিনীয়া ক্ৰিকেটৰ অধিনায়ক হিচাপে শুভমন গিলে নিজৰ প্ৰথমখন দ্বিপাক্ষিক শৃংখলা জয়ৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হয়।

টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোক অপেনাৰ ৰোহিত শৰ্মাই ৪৮ ৰানৰ বৰঙণিৰে এক সুন্দৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে অধিনায়ক শুভমন গিল আৰু ঈশান কিষাণে তৃতীয় উইকেটৰ যুটিত ২২৪ ৰান সংগ্ৰহ কৰি আফগান বলাৰসকলক ত্ৰস্তমান কৰি তোলে। গিলে ১১০ টা বলত ১৫৪ ৰানৰ এক আকৰ্ষণীয় ইনিংছ খেলে। আনহাতে ঈশান কিষাণে মাত্ৰ ৭৯ টা বলত ১২৫ ৰান সংগ্ৰহ কৰি মেচখন সম্পূৰ্ণৰূপে ভাৰতৰ নিয়ন্ত্ৰণলৈ আনে। দুয়োগৰাকী বেটছমেনৰ এই আক্ৰমণাত্মক প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলে ৪৯.৫ অভাৰত ৪০২ ৰান সংগ্ৰহ কৰি অতিথি দলটোৰ সন্মুখত এক বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰে।

Apply Now

৪০৩ ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰিবলৈ আহি আফগানিস্তানৰ দলটোৱে আৰম্ভণিৰে পৰাই তীব্ৰ হেঁচাৰ সন্মুখীন হয়। দলটোৰ হৈ ৰহমত শ্বাহে সৰ্বাধিক ৭৯ ৰান সংগ্ৰহ কৰি যুঁজ দিয়াৰ প্ৰয়াস কৰে যদিও আনটো দিশৰ পৰা নিয়মীয়া ব্যৱধানত উইকেটৰ পতন ঘটি থাকে। ভাৰতীয় বলাৰসকলৰ আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি আফগানিস্তানৰ দলটো ৪৪.৩ অভাৰত ২৩২ ৰানতে অল আউট হয়। ভাৰতৰ হৈ গুৰনূৰ বৰাৰে তিনিটা উইকেট দখল কৰি আফগান বেটিং ক্ৰমৰ মেৰুদণ্ড ভাঙি দিয়াৰ বিপৰীতে অভিষেক মেচ খেলা প্ৰিন্স যাদৱেও সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়ায়।

এই মেচখনত চমকপ্ৰদ শতক অৰ্জন কৰা শুভমন গিলে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। এই সন্মানৰ জৰিয়তে তেওঁ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা এদিনীয়া ক্ৰিকেটত সৰ্বাধিক নবাৰ প্লেয়াৰ অৱ দ্য মেচ খিতাপ দখল কৰি বিৰাট কোহলীৰ অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হয়। এই পৰিসংখ্যাই গিলক কেৱল এজন সফল বেটছমেন হিচাপেই নহয়, বৰঞ্চ দলক জয়ৰ দিশে আগবঢ়াই নিব পৰা এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপেও প্ৰতিষ্ঠা কৰিছে।

ভাৰতৰ বিৰুদ্ধে সন্মুখীন হোৱা এই ১৭০ ৰানৰ পৰাজয় আফগানিস্তানৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৰানৰ ব্যৱধানৰ দিশৰ পৰা দ্বিতীয়টো সৰ্ববৃহৎ পৰাজয়। ইয়াৰ পূৰ্বে ২০১৫ চনত পাৰ্থত অনুষ্ঠিত মেচত দলটোৱে অষ্ট্ৰেলিয়াৰ হাতত ২৭৫ ৰানত পৰাস্ত হৈছিল। কেৱল সেয়াই নহয়, এই পৰাজয়ৰ লগে লগে আফগানিস্তানে একেৰাহে ছয়খন দ্বিপাক্ষিক এদিনীয়া শৃংখলা জয় কৰাৰ যি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছিল, তাৰো আনুষ্ঠানিকভাৱে অন্ত পৰিছে। অনাগত সময়ত তৃতীয়খন তথা নিয়ম ৰক্ষাৰ মেচখনত দুয়োটা দলে কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া ক্ৰীড়াপ্ৰেমীসকলৰ বাবে লক্ষণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd