ভাৰত-ওমানৰ মাজত হ’ব লগীয়া প্ৰাক বিশ্বকাপৰ মেচলৈ মাজত মাত্ৰ দুটা দিন। মেচখনত অংশ লোৱাৰ বাবে আজি দুয়োটা দল উপস্থিত হ’ব গুৱাহাটীত।
জানিব পৰা মতে বিয়লি ৫.৩০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব আলহী দল ওমান। আৰু নিশা প্ৰায় ৮ মান বজাত গুৱাহাটী পাবহি ঘৰুৱা দল ভাৰত।
বিমান বন্দৰত দুয়োটা দলকে আদৰণি জনাব অসম ফুটবল সন্থাৰ বিষয়ববীয়া সকলে।
ইফালে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া এই মেচখনক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
ইতিমধ্যে দৰ্শকৰ বাবে অনলাইনযোগে মুকলি কৰি দিয়া টিকট বিক্ৰীও উৎসাহজনক। এই কথা জানিবলৈ দিছে অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্ৰ কুমাৰ ব্ৰহ্মই।
সম্পাদক গৰাকীয়ে জানিব দিয়া অনুসৰি ২০০ টকীয়া টিকট শেষ হৈছে যদিও ৩ ছেপ্তেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা সৰুসজাই ষ্টেডিয়াম কাউণ্টাৰত টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।
ভাৰতীয় দলত নিজৰ স্থান একপ্ৰকাৰ সুনিশ্চিত কৰা হলিচৰণ নাৰ্জাৰী হ’ব অসমৰ দৰ্শকৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
উল্লেখ্য যে বিশ্বকাপ কোৱালিফায়াৰত ভাৰতে ওমানৰ সৈতে বাংলাদেশ, আফগানিস্তান আৰু ফিফা বিশ্বকাপৰ আয়োজক দেশ কাটাৰৰ সৈতে স্থান লাভ কৰিছে। গ্ৰুপৰ প্ৰতিটো দলে প্ৰতিটো দলৰ বিপক্ষে ‘হোম’ আৰু ‘এৱে’ ভিত্তিত দুখনকৈ মেচ খেলিব।