• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইটালী ভ্ৰমণলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু ভাৰতীয় দম্পতীৰ; হাস্পাতালত সংকটজনক অৱস্থাত কন্যা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 4, 2025 1:26 pm
76
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালীত পথ দুৰ্ঘটনাত এক ভাৰতীয় দম্পতীৰ মৃত্যু ঘটিছে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ হোটেল মালিক জাভেদ আখতাৰ (৫৫) আৰু তেওঁৰ পত্নী নাদিৰা গুলশান (৪৭)ৰ মৃত্যু হৈছে। তেওঁলোকৰ ২১ বছৰীয়া কন্যা অৰ্জু আখতাৰ সংকটজনক অৱস্থাত সেই দেশতে চিকিৎসাধীন হৈ আছে।

ইটালীত থকা ভাৰতীয় দূতাবাসে তেওঁলোকৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। একে সময়তে মৃতকৰ পৰিয়ালৰ সৈতেও তেওঁলোকৰ যোগাযোগ থকা বুলি অৱগত কৰা হৈছে।

Apply Now

জাভেদ নাগপুৰৰ এজন সুপৰিচিত হোটেল মালিক আৰু উদ্যোগী আছিল। সীতাবল্ডি ফ্লাইঅভাৰৰ ওচৰত তেওঁৰ বিশাল হোটেল গুলশান প্লাজা। জাভেদ আৰু নাদিৰাৰ তিনিটা সন্তান। দুগৰাকী কন্যা অৰ্জু আৰু শ্বিফা আৰু পুত্ৰ জাজিল আখতাৰ। শেহতীয়াকৈ তেওঁ পত্নী আৰু সন্তানৰ সৈতে ইটালী ভ্ৰমণলৈ গৈছিল। বৃহস্পতিবাৰে গ্ৰ’ছেটোৰ ওচৰৰ অ’ৰেলিয়া ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

সূত্ৰ অনুসৰি, পৰিয়ালটোৱে ২২ ছেপ্টেম্বৰৰ পৰা ফ্ৰান্সৰ পৰা ভ্ৰমণ আৰম্ভ কৰিছিল। তাৰ পিছত তাৰ পৰাই ইটালী পায়হি। ঘটনাৰ দিনা তেওঁলোকে ইটালীৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। ভাড়াত লৈছিল এখন ৯ আসনযুক্ত গাড়ী। অৰেলিয়া ঘাইপথত এখন ভ্যানত খুন্দা মাৰে তেওঁলোকৰ গাড়ীখনে। দম্পতীহাল আৰু গাড়ীখনৰ চালকৰ থিতাতে মৃত্যু হয়।

তিনিটা ল’ৰা-ছোৱালীৰ ভিতৰত অৰ্জুৱে মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে ছিয়েনাৰ লি স্কট হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ অৱস্থা এতিয়াও সংকটজনক। আনহাতে, শ্বিফা আৰু জেজেলক ফ্ল’ৰেন্স আৰু গ্ৰ’চেটোৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত জেজেলে স্থানীয় হেল্পলাইন নম্বৰতো যোগাযোগ কৰে। স্থানীয় নিউজ পৰ্টেল Italien.News ৰ মতে, সেই সহায় লাভ কৰিবলৈ বহু দেৰি হৈছিল। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দুটা দলে ছিন্নভিন্ন গাড়ীৰ পৰা আহতসকলক উদ্ধাৰ কৰে।

The Embassy conveys its heartfelt and sincere condolences for the tragic loss of two Indian nationals from Nagpur in an accident near Grosseto.

Our prayers for the speedy recovery of the injured family members who are undergoing treatment. The Embassy is in contact with the…

— India in Italy (@IndiainItaly) October 3, 2025

ইটালীত থকা ভাৰতীয় দূতাবাসে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি নিজৰ এক্স হেণ্ডেলত লিখিছে, “গ্ৰ’ছেটোৰ সমীপত সংঘটিত দুৰ্ঘটনাত নাগপুৰৰ দুজন ভাৰতীয় নাগৰিকৰ মৃত্যুত দূতাবাসে গভীৰভাৱে শোক প্ৰকাশ কৰিছে। আহতসকলৰ আশু আৰোগ্য কামনা কৰে। দূতাবাসে নিহতসকলৰ পৰিয়ালৰ সৈতে সংস্পৰ্শত আছে। আমি পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছো।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd