• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ তীব্ৰ ক্ষোভঃ দেশজোৰা আন্দোলন আৰম্ভ কৰিব সংযুক্ত কিষাণ মৰ্চাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 12:51 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ সৈতে প্ৰস্তাৱিত বাণিজ্যিক চুক্তিক “জনবিৰোধী” আৰু “ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব বিৰোধী” বুলি অভিহিত কৰি কৃষক সংগঠনৰ একত্ৰিত মঞ্চ সংযুক্ত কিষাণ মৰ্চাই কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক অপসাৰণৰ দাবীত এক নতুন কাৰ্যসূচী ঘোষণা কৰিছে।

১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত এক সংবাদমেলত এছ কে এমৰ নেতৃত্বই অভিযোগ কৰে যে গোৱেলে “কৃষি আৰু দুগ্ধ খণ্ড বহুজাতিক নিগমৰ বাবে মুকলি কৰি ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু সাৰ্বভৌমত্বক বিসৰ্জন কৰিছে।”

Apply Now

সংগঠনটোৱে জনোৱা মতে, অহা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিৰোধী নেতাৰ কাৰ্যালয়লৈ প্ৰতিনিধি দল প্ৰেৰণ কৰা হ’ব। সংসদৰ নতুন অধিৱেশন আৰম্ভ হোৱাৰ দিনা ৯ মাৰ্চত গাঁও পৰ্যায়ৰ বৈঠক আৰু প্ৰচাৰ সভা অনুষ্ঠিত কৰা হ’ব। একে সময়তে উচ্চ পদস্থ বিষয়ালৈ মুকলি পত্ৰ প্ৰেৰণ কৰা হ’ব, য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমেৰিকাৰ চুক্তিত স্বাক্ষৰ নকৰিবলৈ আহ্বান জনোৱা হ’ব।

চুক্তিখন প্ৰস্তুত কৰাৰ দায়িত্বত আছিল গোৱেল। চলিত মাহৰ আৰম্ভণিতে এই চুক্তিৰ কথা ঘোষণা কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কৃষক সংগঠন আৰু কেইবাটাও বিৰোধী দলে এই প্ৰস্তাৱিত চুক্তিখন দেশৰ কৃষি অৰ্থনীতিৰ বাবে ক্ষতিকাৰক আৰু প্ৰত্যাহাৰ কৰা উচিত বুলি দাবী কৰিছে।

চুক্তি অনুসৰি ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ ‘পাৰস্পৰিক শুল্ক’ ২৫ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰা হ’ব। ইয়াৰ বিনিময়ত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতৰ শুল্ক শূন্যলৈ হ্ৰাস কৰা হ’ব বুলি দাবী কৰা হৈছে। আমেৰিকা প্ৰশাসনৰ মতে, অতিৰিক্ত ২৫ শতাংশ শুল্কৰ পৰা হাত সাৰিবলৈ ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰি পাঁচ বছৰৰ ভিতৰত প্ৰায় ৫০০ বিলিয়ন ডলাৰৰ আমেৰিকাৰ সামগ্ৰী ক্ৰয় কৰিবলৈ সন্মত হৈছে।

কৃষি খণ্ডক চুক্তিৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে – এই কথা প্রথমে দাবী কৰিছিল শাসকীয় বিজেপি চৰকাৰে৷ কিন্তু পৰৱৰ্তী সংবাদমেলত গোৱেলে কয় যে ভাৰতীয় ৰপ্তানি আমেৰিকাৰ কপাহ বা অন্যান্য কেঁচামাল আমদানি কৰিলে ১৮ শতাংশ শুল্কৰ পৰা ৰেহাই পাব পাৰি। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে আমেৰিকাৰ চুক্তিৰ উদাহৰণ দি তেওঁ কয় যে যদি তাত আমেৰিকাৰ কপাহ ব্যৱহাৰ কৰা হয় তেন্তে ১৯ শতাংশ শুল্ক ৰেহাই দিয়া হয়।

এই মন্তব্যই কপাহ খেতিয়কক ক্ষুব্ধ কৰি তুলিছে। তেওঁলোকে কয় যে ইয়াৰ ফলত ভাৰতীয় কপাহ খেতিয়কসকলৰ স্বাৰ্থক সম্পূৰ্ণৰূপে আওকাণ কৰা হয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰ সমৰ্থিত, যান্ত্ৰিক কৃষিৰ সৈতে প্ৰতিযোগিতা কৰাটো অসম্ভৱ হৈ পৰে। ইতিমধ্যে সমগ্ৰ দেশৰ লাখ লাখ কৃষকে কপাহ খেতিৰ ক্ষেত্ৰত নিজৰ অলাভজনক অৱস্থাৰ কথা প্ৰকাশ কৰিছে। বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছে যে বিগত দুটা দশকত বৃহৎ সংখ্যক কৃষকে পৰ্যাপ্ত চৰকাৰী সমৰ্থন আৰু সুৰক্ষাৰ অভাৱত আত্মহত্যা কৰিছে।

এছ কে এমৰ অন্যতম বৃহৎ সংস্থা অল ইণ্ডিয়া কিষাণ সভাই এক বিবৃতিত কয় যে, “আমেৰিকাৰ কেঁচা কপাহৰ আমদানিয়ে ঘৰুৱা কপাহৰ মূল্য আৰু অধিক হ্ৰাস কৰিব আৰু ঋণগ্ৰস্ত, আত্মহত্যাপ্ৰৱণ কপাহ খেতি কৰা অঞ্চলসমূহৰ সংকট তীব্ৰতৰ হ’ব।” এআইকেএছে অভিযোগ কৰে যে গোৱেলে আমেৰিকাৰ কপাহ খেতিয়কসকলৰ স্বাৰ্থ ফলপ্ৰসূভাৱে সুৰক্ষিত কৰি আছে, আনহাতে ভাৰতীয় কৃষকসকলে বৃদ্ধি পোৱা উৎপাদন ব্যয়ৰ সৈতে যুঁজি আছে আৰু নূন্যতম সহায়ক মূল্য (এমএছপি) লাভ কৰা নাই।

বিগত কেইবছৰমানৰ পৰা এছ কে এমৰ নেতৃত্বত আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত এম এছ পিৰ দাবীত কেইবাটাও দেশজোৰা আন্দোলন চলিছে। ১২ ফেব্ৰুৱাৰীত কৃষক সংগঠনসমূহেও কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত এক ঐতিহাসিক ধৰ্মঘটত অংশগ্ৰহণ কৰে। কৃষকসকলে আশংকা কৰিছে যে প্ৰস্তাৱিত বাণিজ্যিক চুক্তিখন কাৰ্যকৰী হ’লে ঘৰুৱা বজাৰত সুৰক্ষা হ্ৰাস পাব, উদ্যোগপতিসকলক আমেৰিকাৰ কপাহ আমদানি কৰিবলৈ উৎসাহিত কৰা হ’ব আৰু লাখ লাখ কৃষকক কৃষিৰ পৰা আঁতৰাই ৰাখিবলৈ বাধ্য কৰাব।

এই চুক্তি আৰু ইয়াৰ সম্ভাৱ্য প্ৰভাৱক লৈ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। এতিয়া এই চুক্তিৰ চৰ্ত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে নে নকৰে আৰু কৃষক সংগঠনৰ আন্দোলন কিমান দূৰলৈ যাব সেয়া লক্ষ্যনীয় হৈ পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd