ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত টেষ্ট ক্ৰিকেটত ৩০০ উইকেট দখল কৰাৰ অনন্য অভিলেখৰ অধিকাৰী হয় ভাৰতৰ বেগী বলাৰ ইশান্ত শৰ্মা।
নিজৰ টেষ্ট ক্ৰিকেট কেৰিয়াৰৰ ৯৮ সংখ্যক টেষ্ট খেলি থকা ইশান্ত শৰ্মাই ইংলেণ্ডৰ ড’ন লৰেঞ্চৰ উইকেট দখল কৰি এই অভিলেখ গঢ়ে।
টেষ্ট ক্ৰিকেটত ৩০০ উইকেট দখল কৰা ইশান্ত শৰ্মা ভাৰতৰ তৃতীয় গৰাকী বেগী বলাৰ।
ইশান্তৰ পূৰ্বে কপিল দেৱ আৰু জাহিৰ খানে ৩০০ৰ অধিক উইকেট দখল কৰিছিল।
কপিল দেৱে ৪৩৪ টা উইকেট দখল কৰাৰ বিপৰীতে জাহিৰ খানে ৩১১ টা উইকেট দখল কৰিছিল।
ইশান্ত শৰ্মাই ৩০০ উইকেট দখল কৰা ভাৰতীয় বেগী বলাৰ তিনিগৰাকীৰ ভিতৰত আটাইতকৈ মন্তৰ গতিত এই অভিলেখ গঢ়া বলাৰ।
ইশান্ত শৰ্মাই বৰ্তমানলৈ ৯৮ খন টেষ্টৰ ১৭৭ টা ইনিংছত ৩২.৩২ গঢ়ে ৩০০ টা উইকেট দখল কৰে। ইশান্ত এই যাত্ৰাত ১১ বাৰ পাঁচটা উইকেট দখল কৰাৰ লগতে এবাৰ দহটা উইকেট দখল কৰিছে।
ইপিনে, ইশান্তে ৮০ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি ১১৫ টা উইকেট দখল কৰিছে।