• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত ৪৪০০ কোটি টকাৰ ‘ঋণ জালিয়াতি’ কৰি ‘অন্তৰ্ধান’ হোৱা ভাৰতীয় মূলৰ কোন এই বংকিম?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2025 2:51 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৪৪০০ কোটি টকাৰ জালিয়াতিৰ সৈতে জড়িত হৈ পৰিছে ভাৰতীয় মূলৰ এজন ব্যক্তি। আমেৰিকাৰ সংবাদ মাধ্যম দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ বিনিয়োগ সংস্থা ব্লেকৰক আৰু অন্যান্য কোম্পানীসমূহে ঋণৰ জালিয়াতিৰ ফলত হেৰুৱা ৫০ কোটি মাৰ্কিন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৪০০ কোটি টকা) আদায় কৰিবলৈ চেষ্টা চলাইছে।

সেই ঋণ জালিয়াতিৰ সমগ্ৰ ব্লুপ্ৰিণ্ট আমেৰিকান ব্ৰডবেণ্ড টেলিকম আৰু ব্ৰীজভইচৰ চিইঅ’ ভাৰতীয় মূলৰ বংকিম ব্ৰক্ষভট্টই কৰিছিল বুলি অভিযোগ উঠিছে। এই প্ৰৱঞ্চনাক কল্পনাতীত বুলি অভিহিত কৰা হৈছে। কিন্তু প্ৰতিবেদন অনুসৰি বংকিমৰ অধিবক্তাই সকলো অভিযোগ অস্বীকাৰ কৰিছে। অৱশ্যে কোনো সবিশেষ তথ্য দিয়া হোৱা নাই।

Apply Now

ইফালে, চলিত বৰ্ষৰ আগষ্ট মাহত ভাৰতীয় মূলৰ লোকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা বুলি আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। গোচৰটোত অভিযোগ কৰা হৈছে যে বংকিমে তেওঁৰ আৰ্থিক অৱস্থাৰ ভুৱা ধাৰণা সৃষ্টি কৰিবলৈ ভাৰত আৰু মৰিচাছলৈ ধন প্ৰেৰণ কৰিছিল। ঋণৰ বাবে বন্ধক হিচাপে থকা বস্তু ব্যৱহাৰ কৰি এই প্ৰৱঞ্চনা সংঘটিত কৰা হৈছিল। এই জালিয়াতি ২০২০ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত হোৱাৰ অভিযোগ কৰা হৈছে।

আনহাতে, ব্লেকৰকৰ বাবে এটা গুৰুত্বপূৰ্ণ সন্ধিক্ষণত এই বিষয়টো চৰ্চালৈ আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে বিশ্বৰ অন্যতম আগশাৰীৰ বিনিয়োগ সংস্থা এইচ পি এছ ইনভেষ্টমেণ্ট পাৰ্টনাৰ্ছক অধিগ্ৰহণ কৰা হৈছিল। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা এইচ পি এছে বংকিমৰ সৈতে জড়িত কোম্পানীসমূহক ঋণ দিবলৈ আৰম্ভ কৰে। পিছলৈ বিনিয়োগৰ পৰিমাণ বৃদ্ধি পায়। ২০২১ চনত বিনিয়োগৰ পৰিমান আছিল ৩৮৫ মিলিয়ন ডলাৰ। যিটো ২০২৪ চনৰ আগষ্ট মাহত ৪৩ কোটি ডলাৰলৈ বৃদ্ধি পাইছে।

দৰাচলতে কোন এই বংকিম ব্ৰক্ষভট্ট? এন্টাৰপ্ৰিনিয়ৰ মিডল ইষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজকে এজন টেলিকম অভিযন্তাৰ পৰা ব্যৱসায়ীলৈ পৰিণত হোৱা বুলি বৰ্ণনা কৰিছিল। যিয়ে ১৯৮৯ চনত ভাৰতত পুছ-বুটাম টেলিফোন নিৰ্মাণৰ বাবে এটা কাৰখানা স্থাপন কৰিছিল। লাহে লাহে তেওঁ চেটেলাইট ডিচ, টেলিকম বিলিং, ডিজিটেল বিত্তীয় সমাধান আদি ক্ষেত্ৰত শাখা-প্ৰশাখা সম্প্ৰসাৰণ কৰে।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৰ্তমান বংকিম ভাৰতত থকা বুলি ধাৰণা কৰা হৈছে। ২০২৪ চনৰ জুলাই মাহত নিউয়ৰ্কত থকা বংকিমৰ কাৰ্যালয় পৰিদৰ্শন কৰা হয়। সেই অফিচত কোনো নাই বুলি গম পোৱা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd