• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ; এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী যশপাল ৰানাৰ অকাল বিয়োগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 11:07 am
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় শ্বুটিং জগতত শোকৰ ছাঁ পৰিছে। দেশৰ অন্যতম শ্ৰেষ্ঠ শ্বুটাৰ তথা সফল প্ৰশিক্ষক যশপাল ৰানাৰ বৃহস্পতিবাৰে নিশা ৪৯ বছৰ বয়সত মৃত্যু হয়। বাতৰি অনুসৰি দিল্লীৰ এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ভাৰতীয় নেশ্যনেল ৰাইফল এছ’চিয়েশ্যনৰ সভাপতি কালিকেশ নাৰায়ণ সিং দেওৱে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

এই দুঃসংবাদটোৱে বহুতকে আচৰিত কৰি তুলিছে। কাৰণ কিছুদিন পূৰ্বে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ইন্টাৰনেশ্যনেল শ্বুটিং স্পোৰ্টছ ফেডাৰেশ্যন (আই এছ এছ এফ) বিশ্বকাপৰ পৰা উভতি অহাৰ সময়তে ৰাণা বিমানত অসুস্থ হৈ পৰিছিল। দিল্লীত অৱতৰণ কৰাৰ পিছত তেওঁক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাতেই তেওঁৰ চিকিৎসা চলি আছিল।

Apply Now

ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ উচ্চ কাৰ্যক্ষম প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা এই কিংবদন্তিগৰাকীৰ আকস্মিক মৃত্যুৱে দেশৰ ক্ৰীড়া মহলক স্তম্ভিত কৰি তুলিছে।

নব্বৈৰ দশকত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং মঞ্চত নিজকে প্ৰতিষ্ঠা কৰিছিল যশপাল ৰাণাই। এছিয়ান গেমছত সোণকে ধৰি একাধিক পদক লাভ কৰাৰ উপৰিও কমনৱেলথ গেমছ আৰু এছিয়ান চেম্পিয়নশ্বিপত তেওঁৰ ধাৰাবাহিক সফলতাই তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ হিচাপে পৰিচিত কৰি তুলিছিল।

যি সময়ত ভাৰতত শ্বুটিঙৰ কথা বেছিকৈ চৰ্চিত হোৱা নাছিল, সেই সময়ত ৰাণাই দেশৰ বাবে ইটোৰ পিছত সিটো পদক লাভ কৰি এই খেলবিধক জনপ্ৰিয় কৰি তোলাত মুখ্য ভূমিকা পালন কৰিছিল। তেওঁৰ সফলতাৰ কাহিনীয়ে অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিছিল। বহুতে তেওঁৰ পথ অনুসৰণ কৰি শ্বুটিংক নিজৰ সপোন আৰু পেছা হিচাপে বাছি লৈছিল।

প্ৰতিযোগিতামূলক শ্বুটিঙৰ পৰা অৱসৰ লোৱাৰ পিছত ৰাণাই প্ৰশিক্ষক হিচাপে যোগদান কৰে। ২০১২ চনত তেওঁ ৰাষ্ট্ৰীয় দলৰ জুনিয়ৰ পিষ্টল কাৰ্যসূচীৰ দায়িত্ব লয়। পৰৱৰ্তী দশকত তেওঁ ভাৰতৰ বাবে কেইবাজনো প্ৰতিভাৱান শ্বুটাৰ গঢ়ি তুলিছিল। তেওঁৰ তত্বাৱধানত আহিছিল সৌৰভ চৌধুৰী, অনিশ ভানৱালা, চিংকি যাদৱৰ দৰে শ্বুটাৰ। জুনিয়ৰ পৰ্যায়ত তেওঁৰ কামৰ বাবে ভাৰতে প্ৰতি বছৰে বিশ্বমানৰ পিষ্টল শ্বুটাৰ পাবলৈ আৰম্ভ কৰিছিল।

প্ৰশিক্ষক হিচাপেও সমানেই সফল হৈছিল যশপাল ৰানা। তেওঁৰ প্ৰশিক্ষক জীৱনৰ অন্যতম ডাঙৰ কৃতিত্ব আছিল মনু ভাকেৰৰ উত্তৰণ। ৰাণাই মনুৰ কেৰিয়াৰৰ কঠিন আৰু গুৰুত্বপূৰ্ণ সময়ত মনুৰ কাষত থিয় দি সঠিক দিশত আগবাঢ়ি যোৱাত সহায় কৰিছিল। ইয়াৰ ফলো পোৱা গৈছিল। ২০২৪ চনৰ পেৰিছ অলিম্পিকত মনুৱে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল আৰু মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল। সেই ঐতিহাসিক সফলতাৰ আঁৰত জশপাল ৰানাৰ অৱদান আছিল অতি গুৰুত্বপূৰ্ণ।

২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত নেশ্যনেল ৰাইফল এছোচিয়েশ্যন অফ ইণ্ডিয়া (এন আৰ আই)য়ে তেওঁক ২৫ মিটাৰ পিষ্টল শাখাৰ হাই-পাৰ্ফমেন্স প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। মৃত্যুৰ দিনলৈকে তেওঁ ভাৰতীয় শ্বুটিঙৰ উন্নতিৰ বাবে কাম কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক প্ৰশিক্ষক আৰু নতুন প্ৰজন্মৰ খেলুৱৈৰ বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দেশৰ অন্যতম শ্ৰেষ্ঠ ক্ৰীড়া সন্মান দ্ৰোনাচাৰ্য্য বঁটা প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd