ভাৰতীয় বৈদেশিক নীতিৰ ইতিহাসত বুধবাৰৰ দিনটো এক ক’লা অধ্যায় হিচাপে চিহ্নিত হোৱাৰ উপক্ৰম ঘটিছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ভাৰতক ‘বিশ্ববন্ধু’ আৰু বিশ্বৰ অন্যতম ক্ষমতাশালী শক্তি হিচাপে প্ৰক্ষেপ কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে, সেই একে সময়তে বিশাখাপত্তনমৰ ‘মিলন ২০২৬’ নৌ-অভ্যাসৰ পৰা উভতি যোৱা ইৰাণৰ যুদ্ধজাহাজ আইআৰআইএছ ডেনা-ৰ ওপৰত হোৱা আমেৰিকাৰ আক্ৰমণে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় গৰিমাৰ ওপৰত কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে।
ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে যি অনুষ্ঠানক লৈ গৌৰৱ কৰিছিল, সেই অনুষ্ঠানৰ পৰা বিদায় লোৱা অসামৰিক তথা কূটনৈতিক অতিথি আইআৰআইএছ ডেনাক ভাৰত মহাসাগৰৰ বুকুত সুৰক্ষা দিবলৈ ব্যৰ্থ হোৱাটোৱে এতিয়া সমগ্ৰ বিশ্বতে জোকাৰণি তুলিছে। ৪ মাৰ্চত শ্ৰীলংকাৰ দক্ষিণ উপকূলত মাৰ্কিন চাবমেৰিণে কৰা এই আক্ৰমণে প্ৰমাণ কৰিছে যে ভাৰত মহাসাগৰত এতিয়া ভাৰতৰ নহয়, বৰঞ্চ আমেৰিকাৰ আধিপত্যহে অধিক প্ৰকট হৈ উঠিছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি এখন আমেৰিকান পাৰমাণৱিক চাবমেৰিনে কোনো উচটনি অবিহনেই ভাৰতৰ অতিথি ইৰাণৰ এই জাহাজখনত আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ ফলত জাহাজখন ডুব যোৱাৰ লগতে কেইবাজনো ইৰাণী নৌসেনাৰ মৃত্যু হোৱাৰ খবৰে এতিয়া ইৰাণক তীব্ৰ ক্ষুব্ধ কৰি তুলিছে।
কিন্তু এই সমগ্ৰ ঘটনাৰ পাছতো নতুন দিল্লীৰ নীৰৱতাই এতিয়া বহু ৰাজনৈতিক বিশ্লেষকক এয়া ভাবিবলৈ বাধ্য কৰিছে যে ভাৰত চৰকাৰ কিবা অদৃশ্য শক্তিৰ ওচৰত নতিস্বীকাৰ কৰিছে নেকি! প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ নিমন্ত্ৰণত অহা অতিথি ইৰাণৰ জাহাজখনক কৰা এই আক্ৰমণৰ বিৰুদ্ধে মাত মাতিবলৈ কিয় কুণ্ঠাবোধ কৰিছে, তাক লৈ দেশৰ বিৰোধী দল আৰু বৈদেশিক বিশেষজ্ঞসকলে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰিছে। ট্ৰাম্পৰ প্ৰশাসনৰ ওচৰত ভাৰতৰ বৈদেশিক নীতি সম্পূৰ্ণৰূপে সমৰ্পণ কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে। কিয়নো ইৰাণীয়ান জাহাজখন কোনো যুদ্ধৰ বাবে নাছিল, বৰঞ্চ ভাৰতীয় নৌসেনাৰ নিমন্ত্ৰণত বন্ধুত্বৰ হাত প্ৰসাৰিত কৰিবলৈহে ভাৰতলৈ আহিছিল।
শেহতীয়া খবৰ অনুসৰি শ্ৰীলংকাৰ নৌসেনাই প্ৰায় ৩০ জন নাৱিকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বহু লোক এতিয়াও নিখোজ হৈ আছে। ইৰাণ চৰকাৰে এই ঘটনাক ‘আন্তঃৰাষ্ট্ৰীয় ডকাইতি’ আৰু ‘কূটনৈতিক বিশ্বাসঘাতকতা’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, ভাৰতে যদি নিজৰ জলসীমাত বা নিজৰ প্ৰভাৱ থকা অঞ্চলত অতিথিৰ সুৰক্ষা দিব নোৱাৰে, তেন্তে ভৱিষ্যতে এনেধৰণৰ সামৰিক নৌ-অনুশীলনৰ কিবা অৰ্থ থাকিব নে?
ইপিনে, আমেৰিকাৰ পেণ্টাগনৰ পৰাও এতিয়ালৈকে কোনো আনুষ্ঠানিক স্পষ্টীকৰণ আহি পোৱা নাই, যিয়ে ঘটনাটোৰ ৰহস্য আৰু অধিক ঘনীভূত কৰি তুলিছে। ইপিনে ভাৰত চৰকাৰৰ এই ৰহস্যজনক মৌনতাই ইৰাণৰ সৈতে ভাৰতৰ ঐতিহাসিক সম্পৰ্কত ঘূণে ধৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে। চাবাহাৰ বন্দৰৰ পৰা আৰম্ভ কৰি ইন্ধন আমদানিলৈকে ইৰাণ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ আছিল। কিন্তু এতিয়া ট্ৰাম্পৰ প্ৰতি থকা মোদীৰ অতিশয় আনুগত্যই সেই সম্পৰ্কক বিপদাপন্ন কৰি তুলিছে।
যি সময়ত ভাৰতে নিজকে বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি আৰু এক স্বাধীন কৌশলগত শক্তি বুলি দাবী কৰে, তেনে সময়ত আমেৰিকান আগ্ৰাসনৰ বিৰুদ্ধে এটা সাধাৰণ প্ৰতিবাদ বা স্পষ্টীকৰণ বিচাৰিবলৈ সাহস নকৰাটোৱে ভাৰতৰ ‘কুটনৈতিক স্বতন্ত্ৰতা’ৰ ওপৰতো বৃহৎ দাগ সানিছে। বিৰোধীৰ মতে, মোদী চৰকাৰে ট্ৰাম্পৰ প্ৰতি থকা অতিশয় ভক্তিৰ বাবে ভাৰতৰ বৈদেশিক নীতিক ‘আমেৰিকাপন্থী’ কৰি পেলাইছে, য’ত ভাৰতৰ নিজা স্বাৰ্থতকৈ ৱাশ্বিংটনৰ সন্তুষ্টিয়েহে অগ্ৰাধিকাৰ পাইছে। এই ঘটনাক লৈ ইৰাণে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লৈছে, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক এক অস্বস্তিকৰ পৰিস্থিতিত পেলাব পাৰে।
বৰ্তমানৰ পৰিস্থিতিয়ে স্পষ্ট কৰি দিছে যে বৰ্তমান ভাৰত মহাসাগৰৰ নিৰাপত্তা ব্যৱস্থা তেনেই লেহুকা। ভাৰতৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহা জাহাজ এখন আমেৰিকাৰ আক্ৰমণৰ বলি হোৱাৰ পাছতো যদি মোদী চৰকাৰে নীৰৱতা অৱলম্বন কৰে, তেন্তে ই ভৱিষ্যতে ভাৰতৰ বিশ্বস্ততাক লৈ বিশ্বৰ আন দেশসমূহৰ মনত সন্দেহৰো সৃষ্টি কৰিব। এয়া মাথোঁ এখন জাহাজৰ ওপৰত আক্ৰমণ নহয়, বৰঞ্চ ভাৰতৰ কূটনৈতিক নীতি, স্বাভিমান আৰু আত্মসন্মানৰো অৱনতি ঘটাৰ এক বিপদঘণ্টা বুলিও এতিয়া চৰ্চা চলিছে।
দেশবাসীৰ মনত এতিয়া একেই প্ৰশ্ন— ভাৰতৰ বৈদেশিক নীতি কি এতিয়া হোৱাইট হাউচৰ পৰা পৰিচালিত হয় নেকি? নে ট্ৰাম্পৰ ‘হাতৰ পুতলা’ হৈ ভাৰতে নিজৰ পুৰণি বন্ধুত্ববোৰ বলি দিবলৈ আৰম্ভ কৰিছে? পৰৱৰ্তী দিনবোৰত এই বিষয়ত দিল্লীয়ে কি স্থিতি লয়, তাৰ ওপৰতে নিৰ্ভৰ কৰিব ভাৰতৰ আগন্তুক গোলকীয় স্থিতি।





