ভাৰতত বিগত ২৪ ঘণ্টাত ৮৬,৮২১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৬৩,১২,৫৮৪ গৰাকীলৈ বৃদ্ধি পায়।
আনহাতে, দেশত বিগত ২৪ ঘণ্টাত নতুনকৈ ১১৮১ গৰাকী লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাই। ইয়াৰ ফলত বৰ্তমানলৈ দেশত ক’ৰ’না সংক্ৰমণৰ ফলত মুঠ ৯৮৬৭৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
গৃহ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, ভাৰতত বৰ্তমান ৯,৪০,৭০৫ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫২,৭৩,২০১ গৰাকী ৰোগী চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।
দেশত সংক্ৰমণৰ হাৰ ১৫.১১ শতাংশ হোৱাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৮৩.৩৩ শতাংশ।
ভাৰতত ৩০ ছেপ্তেম্বৰলৈ ৭,৫৬,১৯,৭৮১ টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে।
বুধবাৰৰ দিনটোত ১৪,২৩,০৫২ টা নমুনাৰ ক’ৰ’না পৰীক্ষা কৰা হৈছে।