মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দল ঘোষণা কৰা হৈছে। ১২ জুনৰ পৰা ৫ জুলাইলৈ ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপ। ভাৰতে এই ট্ৰফী এতিয়ালৈকে লাভ কৰা নাই।
বিগত বছৰ ঘৰৰ মাটিত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতে প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰিছিল। এইবাৰ পৰীক্ষা হ’ব টি-২০। স্মৃতি মান্ধনা, ৰিচা ঘোষ, দীপ্তি শৰ্মাই এদিনীয়া বিশ্বকাপৰ প্ৰেৰণাৰে টি-২০ বিশ্বকাপত প্ৰৱেশ কৰিব।
পেচাৰ নন্দনী শৰ্মাক প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপ দলত মাতি অনা হৈছে। মহিলা প্ৰিমিয়াৰ লীগত তেওঁ ভাল প্ৰদৰ্শন আগবঢ়াইছিল। শ্বেফালী ভাৰ্মা আৰু স্মৃতি মান্ধনাই অপেনিঙৰ দায়িত্ব ল’ব। এদিনীয়া বিশ্বকাপত দুয়োজনেই আছিল বিস্ফোৰক ফৰ্মত। বিশেষকৈ শ্বেফালী।
উইকেটৰ আঁৰত থাকিব ৰিচা ঘোষ, ফিনিছাৰৰ দায়িত্বও ৰিচাৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ভাৰতীয় দলত আছে জেমাইমা ৰড্ৰিগেজ, দীপ্তি শৰ্মা, অৰুন্ধতী ৰেড্ডী, ৰেনুকা ঠাকুৰ, ৰাধা যাদৱৰ দৰে অভিজ্ঞ খেলুৱৈ। অনুষ্কা শৰ্মা, উমা ছেত্ৰী, কাছভি গৌতম, প্ৰতীকা ৰাৱাল, হাৰলিন দেওলক বাদ দিয়া হৈছে।
পূৰ্বৰ টি-২০ শৃংখলাত ভাৰতৰ ফলাফল ভাল নাছিল। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হৈছে হৰমনপ্ৰীত বাহিনী। বিশ্বকাপৰ পূৰ্বে ইংলেণ্ডত তিনিখন মেচৰ শৃংখলা খেলিব ভাৰতে। যিটো বিশ্বকাপৰ পূৰ্বে ৱাৰ্ম আপ ছিৰিজ।
বিশ্বকাপত ভাৰতৰ প্ৰথমখন খেল আছে ১৪ জুনত, বাৰ্মিংহামত পাকিস্তানৰ বিৰুদ্ধে। গ্ৰুপ-১ত ভাৰত আৰু পাকিস্তানৰ লগতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, নেদাৰলেণ্ড আৰু বাংলাদেশ অন্তৰ্ভুক্ত।
টি-২০ বিশ্বকাপত ভাৰতীয় দল- অধিনায়ক- হৰমনপ্ৰীত কৌৰ, উপ-অধিনায়ক- স্মৃতি মান্ধনা, শ্বেফালী ভাৰ্মা, জেমাইমা ৰড্ৰিগেজ, ভাৰতী ফুলমালি, দীপ্তি শৰ্মা, ৰিচা ঘোষ, শ্ৰীচৰণি, যস্তিকা ভাটিয়া, নন্দনী শৰ্মা, অৰুন্ধতী ৰেড্ডী, ৰেনুকা ঠাকুৰ, ক্ৰান্তি গৌড়, শ্ৰেয়াংকা পাটিল, ৰাধা যাদৱ।





