অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দক্ষিণ আফ্ৰিকা ভ্ৰমণ নিশ্চিত কৰিছে। দক্ষিণ আফ্ৰিকাত অ’মিক্ৰণৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট দলৰ ভ্ৰমণ অনিশ্চয়তাৰ মাজত সোমাই পৰিছিল।
আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সংশোধিত তাৰিখ আৰু ভ্ৰমণসূচী ঘোষণা কৰিছে।
নতুন সময়সূচী অনুসৰি ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিপাক্ষিক শৃংখলাৰ ২৬ ডিচেম্বৰত তিনিখন খেলৰ টেষ্ট শৃংখলাৰ সৈতে আৰম্ভ হ’ব আৰু তাৰ পিছত তিনিখন এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব।
আনহাতে পূৰ্বৰ ভ্ৰমণসূচীৰ অংশ হিচাপে থকা চাৰিখনীয়া টি-২০ শৃংখলা সংশোধিত তালিকাৰ পৰা বাদ দিয়া হৈছে।
“২০২১-২২ বৰ্ষৰ ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ সংশোধিত তাৰিখ আৰু ভ্ৰমণসূচীৰ সৈতে আগবাঢ়িব। ২৬ ডিচেম্বৰ, ২০২১ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিপাক্ষিক শৃংখলাত দলটোৱে তিনিখন খেলৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তিনিখন এদিনীয়া শৃংখলা আৰম্ভ হ’ব।” বিচিচিআইয়ে বাৰ্ষিক সাধাৰণ সভাৰ পিছত এক বিজ্ঞপ্তিত কয়।
পূৰ্বৰ সময়সূচী অনুসৰি ভাৰতীয় দলটো ৯ ডিচেম্বৰত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ কথা আছিল। কিন্তু বৰ্তমান এই ভ্ৰমণ পলম হোৱাৰ সম্ভাৱনা আছে।
ক্ৰিকেট দক্ষিণ আফ্ৰিকাই দিনটোৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে দেশত নতুন কোভিড-19 প্ৰকাৰক লৈ উদ্বেগ থকা স্বত্বেও শৃংখলা অনুষ্ঠিত হ’ব।