NORTHEAST NOW (Assamese)

পাইলটৰ সতৰ্কতাৰ বাবে কথমপি ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰী

August 13, 2019 1:34 pm · এন ই নাও নিউজ
Updated: August 14, 2019 8:29 am

পাইলটৰ সতৰ্কতাৰ বাবে এটা নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ইণ্ডিগ’ বিমান। শেষ মূহুৰ্তত ধৰা পৰা গুৰুতৰ ত্ৰুতিৰ বাবেই বাতিল কৰিব লগীয়া হয় বিমানৰ উৰণ। লক্ষ্যণীয় কথা হ’ল বিমানখনত যাত্ৰী হিচাপে আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰী।

উল্লেখ্য যে ইণ্ডিগ’ৰ 6E 636 বিমান এখন আজি ৰাতিপুৱাই নাগপুৰৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। টেক অফৰ পূৰ্বে দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবেই পাইলটে বিমানখনৰ উৰণ বাতিল কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীসহ বিমানখনত থকা অন্য ১৫৮ গৰাকী যাত্ৰীক সুকলমে অৱতৰণ কৰোৱা হয়।

ইফালে উৰণ বাতিল কৰাৰ সিদ্ধান্তৰ পাছতে বিমানখন ৰানৱেৰ পৰা পুনৰ টেক্সিৱেলৈ লৈ যোৱা হয়।

উল্লেখ্য যে আজি দিল্লীত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে নাগপুৰৰ পৰা দিল্লীলৈ অহাৰ কথা আছিল কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাদকাৰী।

কিন্তু শেষ মূহুৰ্তত বিমানত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবেই মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত উপস্থিত হ’ব নোৱাৰিব বুলি জানিব পৰা গৈছে।

Related News