মধ্যপ্ৰদেশৰ ইন্দোৰত এক পৰিয়ালৰ মাজত ঘটা সামান্য বাক-বিতণ্ডাই লৈছে ভয়ংকৰ ৰূপ। ৰক্ষাবন্ধনৰ দিনা ভায়েকক লৈ কৰা কটূক্তিৰ প্ৰতিবাদত ননদে নিজৰ ভনী-বোৱাৰীক হত্যা কৰি মৃতদেহ পানীৰ টেংকীত পেলাই দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত ননদক গ্ৰেপ্তাৰ কৰিছে।
নিহত বন্দনাই পৰিয়ালৰ অমমত যোৱা ১১ আগষ্টত মন্দিৰত উপেন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। পাৰিবাৰিক অসন্তোষ আৰু বিবাদৰ বাবে নৱ-দম্পতীয়ে পৃথককৈ এটা ভাড়াঘৰত বসবাস কৰি আহিছিল। আনহাতে, অভিযুক্ত পাৰ্বতী বাই কুশবাহৰ ভায়েক বৰ্তমান এটা ধৰ্ষণ গোচৰত ডমোহৰ জেলত বন্দী হৈ আছে।
ৰক্ষাবন্ধনৰ দিনটোতে বন্দনাই পাৰ্বতীৰ জেলত থকা ভায়েকক লৈ কিবা কটূক্তি কৰাৰ বাবেই দুয়োৰে মাজত তীব্ৰ বাক-বিতণ্ডা হয়। পৰিস্থিতি অধিক ভয়লগা হৈ পৰে যেতিয়া ক্ৰোধান্বিত হৈ পাৰ্বতীয়ে বন্দনাৰ ডিঙিত চুৰিৰে দুবাৰ আক্ৰমণ কৰি হত্যা কৰে। হত্যাকাণ্ডৰ সময়ত পাৰ্বতীৰ স্বামী চিকিৎসালয়ত ভৰ্তি আছিল আৰু সন্তানসকল বিদ্যালয়লৈ গৈছিল।
হত্যাৰ পিছতে অভিযুক্তই মৃতদেহটো ঘৰৰ বাহিৰলৈ টানি নি পানীৰ টেংকীত পেলাই দিয়ে। ইয়াৰ পিছতো শান্ত হৈ থাকি পাৰ্বতীয়ে হাস্পতাললৈ গৈ নিজৰ স্বামীক সাক্ষাতো কৰি আহে। সন্ধিয়া পৰিয়ালৰ লোকসকল ঘূৰি আহি বন্দনাক বিচাৰি নাপাই স্থানীয় থানাত অৱগত কৰে।
প্ৰথম অৱস্থাত পাৰ্বতীয়ে আৰক্ষীক মিছা কৈ ঘটনাটো লুকুৱাবলৈ চেষ্টা চলাইছিল। কিন্তু আৰক্ষীয়ে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি তেওঁক সোধা-পোছা কৰাৰ লগতে চুৰিখনত পোৱা আঙুলিৰ চাপ আৰু অন্যান্য প্ৰমাণ পোহৰলৈ অহাত তেওঁ আৰু কোনো উপায় নাপালে। অৱশেষত তেওঁ নিজ মুখেই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।





