• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

প্ৰথমে ছিয়াই ‘ফটো তুলি থাকোঁতে আকস্মিকভাৱে পৰি যোৱা’ বুলি বুজাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ জেৰাত গোপন সত্য পোহৰলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 1:46 pm
140
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত ২৪ বছৰীয়া যুৱ ব্যৱসায়ী কেতন বিশাল আগৰৱালাৰ হত্যাকাণ্ডৰ তদন্তত ডাঙৰ সত্য পোহৰলৈ আহিছে। পুনেৰ এই বিখ্যাত ব্যৱসায়ীজনৰ হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ সময়তে তেওঁৰ বাগদত্তা ছিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰীয়ে ইটোৰ পিছত সিটোকৈ ৰচনা কৰা শিহৰণকাৰী ষড়যন্ত্ৰৰ কাহিনী পোহৰলৈ আহিছে।

যোৱা ১৮ জুনত লোনাভালাৰ বিখ্যাত লোহাগড় দুৰ্গৰ পৰা ঠেলি দি কেতনক হত্যা কৰা হৈছিল। প্ৰথমে ছিয়াই ‘ফটো তুলি থাকোঁতে আকস্মিকভাৱে পৰি যোৱা’ বুলি বুজাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ জেৰাত গোপন সত্য পোহৰলৈ আহিছে।

Apply Now

তদন্তত পোহৰলৈ অহা আটাইতকৈ চাঞ্চল্যকৰ তথ্যটো হ’ল যে ১৮ জুনত অৰ্থাৎ তেওঁলোকৰ ‘অপাৰেচন’ সফল হোৱাৰ মাত্ৰ চাৰিদিন আগতে ১৪ জুনতো প্ৰথম কেতনক পাহাৰৰ পৰা ঠেলি পেলাই দি হত্যা কৰাৰ চেষ্টা কৰিছিল ছিয়াই! কিন্তু অলৌকিকভাৱে সেইবাৰ কেতন বাচিল! তাৰ পিছতো কেতনে নিজৰ ভাবী পত্নীক কিয় সন্দেহ কৰা নাছিল? কেতনৰ পিতৃ বিশাল আগৰৱালাই প্ৰকাশ কৰিলে এই গোপন ৰহস্য।

তদন্তকাৰীৰ মতে, ছিয়াই বহু আগতেই কেতনক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল। ১৪ জুনত তেওঁলোকে প্ৰথমবাৰৰ বাবে লোহাগড় দুৰ্গলৈ যোৱাৰ সময়ত ছিয়াই কেতনক খাৱৈৰ দাঁতিলৈ লৈ গৈছিল আৰু জোৰেৰে ঠেলি দিছিল। কিন্তু সেই যাত্ৰাৰ সময়ত কেতনে ভাগ্যক্ৰমে গছৰ ডাল এটাত ধৰি দ খাৱৈত পৰাৰ পৰা ৰক্ষা পৰে।

পাহাৰৰ পৰা পৰি মৃত্যুক সাৱটি লোৱাৰ পৰা হাত সাৰি জীৱিত অৱস্থাত ঘূৰি অহাৰ পিছতো কেতনে ছিয়াক কিয় সন্দেহ কৰা নাছিল? কেতনৰ পিতৃ বিশাল আগৰৱালাই কয়, “যেতিয়া ১৪ জুনত তেওঁ জীৱিত অৱস্থাত ঘূৰি আহিছিল, তেতিয়া ছিয়াই তেওঁৰ বাবে এটা কাহিনী ৰচনা কৰিছিল। ছিয়াই কেতনক পতিয়ন নিয়াইছিল যে তাইৰ ঠিক পিছফালে বিষাক্ত সাপ এটা আহিছিল! তাই তাক সাপৰ পৰা বচাবলৈ খৰখেদাকৈ ঠেলি দিছিল। সাপৰ কাহিনী আৰু ভাবী পত্নীৰ প্ৰেমৰ অভিনয় ইমানেই নিখুঁত আছিল যে কেতনে সন্দেহ কৰিব পৰা নাছিল যে তেওঁ ভালপোৱা নাৰীগৰাকীয়ে আচলতে আছিল তাৰ যম!”

আৰক্ষীৰ তদন্তত দেখা গ’ল যে ৩১ মে’ত কেতনৰ সৈতে প্ৰথমবাৰৰ বাবে ছিয়া লোহাগড় দুৰ্গলৈ গৈছিল। ঠেক পাহাৰ আৰু দ খাৱৈ দেখি লগে লগে তাইৰ মনলৈ আহিল যে যদি কেতনক ইয়াৰ পৰা পেলাই দিয়া হয় তেন্তে ইয়াক ‘দুৰ্ঘটনা’ বুলি সহজেই চলাই দিব পৰা যাব। আৰু সেই মাষ্টাৰ প্লেন অনুসৰিয়েই ছিয়াই প্ৰেমিক চেতন চৌধুৰীৰ সৈতে ১৮ জুনত কেতনক তললৈ ঠেলি পেলাই দিছিল। বৰ্তমান ছিয়া আৰু চেতন দুয়োকে ২৯ জুনলৈকে আৰক্ষীৰ জিম্মাত ৰখা হ’ব।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেতন আৰু ছিয়াৰ এংগেজমেণ্ট হৈছিল অতি ধুমধামেৰে। নৱেম্বৰ মাহত তেওঁলোকৰ বিয়া ৰাজস্থানত অনুষ্ঠিত হোৱাৰ কথা আছিল। বিয়াৰ পূৰ্বে ৬ জুনত চাৰিজন বন্ধুৰ সৈতে বালিত প্ৰি-ৱেডিং ফটোশ্বুটৰ সকলো টিকট আৰু বুকিং ইতিমধ্যে চূড়ান্ত হৈ গৈছিল।

কিন্তু ছিয়াই কেতন দেশৰ বাহিৰলৈ যোৱাটো নিবিচাৰিছিল। গতিকে, বালিলৈ যোৱাৰ ঠিক আগতে ছিয়াই চতুৰতাৰে কেতনৰ পাছপ’ৰ্ট চুৰি কৰি নিয়ে! বিশাল আগৰৱালে কয়, “চাৰিও একেলগে বালিলৈ গৈ আছিল, কিন্তু ৰহস্যজনকভাৱে কেৱল কেতনৰ পাছপ’ৰ্টহে চুৰি হৈছিল। বিমানবন্দৰতো পাছপ’ৰ্ট নথকাৰ বাবে কেতনে কান্দি ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈছিল। আমি তেতিয়া কল্পনা কৰিব পৰা নাছিলো যে এইটো ছিয়াৰ কোনো ডাঙৰ কৌশল আছিল।” আচলতে ছিয়াই কেতনক দেশত ৰাখিব বিচাৰিছিল যাতে লোহাগড় দুৰ্গলৈ লৈ গৈ তেওঁৰ জীৱন শেষ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

ক্ৰিকেটত নতুন শক্তিৰ উত্থান! বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰিলে নামিবিয়াই

August 29, 2026 11:57 am
UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

UGC-NET June 2026 Result: ৮৪ টা বিষয়ৰ ফলাফল ঘোষণা, কেনেকৈ চাব পৰীক্ষাৰ ফলাফল?

August 29, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd