প্ৰেম হওক বা বিবাহ – জীৱনৰ এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পূৰ্ণ ব্যক্তিগত। ইয়াত কাৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। শেহতীয়াকৈ এটা গোচৰৰ শুনানিত দিল্লী উচ্চ ন্যায়ালয়ে এই স্পষ্ট বাৰ্তা দিছে। আদালতে কয় যে নিজৰ জীৱন সংগী বাছনি কৰাৰ স্বাধীনতা ভাৰতৰ সংবিধানৰ ২১ নং দফাত সন্নিৱিষ্ট ব্যক্তিগত স্বাধীনতা আৰু গোপনীয়তাৰ অধিকাৰৰ অংশ।
দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ নাৰুলাই আন্তঃবৰ্ণ দম্পতীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই পৰ্যবেক্ষণ কৰে। এঘাৰ বছৰ ধৰি সম্পৰ্কত থকা বুলি জনোৱা দম্পতীহালে এতিয়া বিবাহপাশত আবদ্ধ হ’ব বিচাৰিছে। কিন্তু তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ ইচ্ছাৰ বাটত বাধাৰ সৃষ্টি কৰিছিল। সেয়ে এই পৰিস্থিতিত অহৰহ ভাবুকিৰ সন্মুখীন হৈ অৱশেষত আৰক্ষীৰ সুৰক্ষা বিচাৰি আদালতৰ কাষ চাপিছিল।
দিল্লী আৰক্ষীৰ অধিবক্তাগৰাকীয়ে আদালতত জনোৱা মতে, ইতিমধ্যে দম্পতীহালক এজন কনিষ্টবলৰ ফোন নম্বৰ দিয়া হৈছে যাতে প্ৰয়োজন হ’লে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে। তদুপৰি আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ক্ষিপ্ৰতাৰে ভাবুকিৰ মূল্যায়ন সম্পন্ন কৰাৰ পিছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। ইয়াৰ ভিতৰত দম্পতীহালৰ ঘৰুৱা এলেকাত নিয়মীয়াকৈ টহল দিয়া, সকলো ঘটনাৰ ডায়েৰী ৰখা আৰু কোনো ধৰণৰ ভাবুকি আহিলে আবেদনকাৰীক তাৎক্ষণিক সুৰক্ষা প্ৰদান কৰা আদি অন্যতম।
এই গোচৰৰ ৰায়দানত ন্যায়াধীশ নাৰুলাই কয় যে ভাৰতত এতিয়াও জাতিগত বৈষম্য গভীৰ হৈ আছে। কিন্তু আন্তঃবৰ্ণ বিবাহ কেৱল ব্যক্তিগত পছন্দ নহয়, সমাজত ঐক্য আৰু সমতা গঢ়ি তোলাতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ উদ্ধৃতি দি তেওঁ কয়, “এনে বিবাহ কেৱল ব্যক্তিগত সিদ্ধান্ত নহয়, দেশৰ ঐক্য আৰু প্ৰগতিৰ বাবেও অপৰিহাৰ্য। গতিকে এনে সম্পৰ্কক পৰিয়াল বা সমাজৰ বাধা বা অযথা হস্তক্ষেপৰ পৰা ৰক্ষা কৰিব লাগিব।”
আদালতে কয় যে এই ৰায়দানে সংবিধানৰ মূল ধাৰণা – সমতা, স্বাধীনতা আৰু মৰ্যাদাক আৰু অধিক শক্তিশালী কৰে। ন্যায়াধীশগৰাকীয়ে কয় যে এই আদেশ কেৱল দম্পতীহালক সুৰক্ষাৰ বাবেহে দিয়া হৈছে। অৱশ্যে এই অভিযোগ সঁচা নে নহয় সেই সন্দৰ্ভত আদালতে একো কোৱা নাই।





