অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। প্লে অফত প্ৰৱেশ কৰিবলৈ প্ৰতিটো দলে কি কৰিব লাগিব – সেই সকলোবোৰ অংক এই ছিজনৰ বাবে শেষ। দেওবাৰে ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। ৰিয়ান পৰাগৰ নেতৃত্বত আৰ আৰে আই পি এল প্লে অফত স্থান লাভ কৰে।
ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে অন্তিম চাৰিটাত স্থান লাভ কৰিছিল। চতুৰ্থ দল হিচাপে নিজৰ স্থান নিশ্চিত কৰিলে ৰাজস্থানেও। ফলত শেষৰ চাৰি স্থানৰ ছবিখন স্পষ্ট হৈ পৰিল। কোনটো দলে কাৰ বিৰুদ্ধে খেলিব? কেতিয়াৰ পৰা আৰম্ভ হ’ব প্লে অফ? বিতংভাৱে জানি লওক।
আই পি এলৰ পইণ্ট টেবুলত কোন ক’ত আছে?
প্ৰতিটো দলে ১৪খন খেল খেলিছে। ১৮ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে আৰ চি বিয়ে। সমান পইণ্ট থকাৰ পাছতো নেট ৰান ৰেট (০.৬৯৫)ত পিছ পৰি থকাৰ বাবে গুজৰাট টাইটানছ দ্বিতীয় স্থানত আছে। একে কাৰণতে ছানৰাইজাৰ্ছ হায়দৰাবাদ (০.৫২৪)ও ১৮ পইণ্টেৰে তৃতীয় স্থানত আছে। ৰাজস্থান ৰয়েলছে ১৬ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে।
কোৱালিফায়াৰ ১
• লীগ টেবুলৰ প্ৰথম দুটা দলে প্ৰথম কোৱালিফায়াৰ খেলিব।
• অৰ্থাৎ এই মেচত মুখামুখি হ’ব ৰজত পাটিদাৰৰ আৰ চি বি আৰু শুভমান গিলৰ জি টি।
• এই খেলখন ২৬ মে’ত ধৰ্মশালাত অনুষ্ঠিত হ’ব।
• যি দলে জয়ী হয় সেই দলে পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব। পৰাজিত দলটোৱে কোৱালিফায়াৰ ২ খেলিব।
এলিমিনেটৰ
• লীগ টেবুলত তৃতীয় আৰু চতুৰ্থ স্থানত থকা দলসমূহে এলিমিনেটৰৰ বিৰুদ্ধে খেলিব।
• অৰ্থাৎ এই মেচত পেট কামিন্সৰ এছ আৰ এইচ আৰু ৰিয়ান পৰাগৰ ৰাজস্থান মুখামুখি হ’ব।
• ২৭ মে’ত মুল্লানপুৰত অনুষ্ঠিত হ’ব এই খেলখন।
• জয়ী হোৱা দলটোৱে কোৱালিফায়াৰ ২ খেলিব।পৰাজিত দলটো আই পি এল ২০২৬ৰ পৰা বাহিৰ হ’ব।
কোৱালিফায়াৰ ২
• প্ৰথম কোৱালিফায়াৰত পৰাজিত দল আৰু এলিমিনেটৰৰ বিজয়ী দলে কোৱালিফায়াৰ ২ত ইটোৱে সিটোৰ মুখামুখি হ’ব।
• ২৯ মে’ত মুল্লানপুৰত অনুষ্ঠিত হ’ব এই খেলখন।
• এই মেচত বিজয়ী দলে ফাইনেলত প্ৰৱেশ কৰিব।
৩১ মে’ত গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল।





