‘শত্ৰু দেশ’ৰ কোনো সংস্থাক সহায় কৰাটো ইৰাণত আগৰ পৰাই এক শাস্তিযোগ্য অপৰাধ। এইবাৰ নিজৰ নাগৰিকৰ ওপৰত এই নিয়ম অধিক কঠোৰ কৰিবলৈ ওলাইছে তেহৰাণে। শেহতীয়া এক প্ৰস্তাৱিত আইন অনুসৰি, এতিয়াৰ পৰা ইৰাণৰ নাগৰিকসকলে আমেৰিকা বা ইজৰাইলৰ দৰে ‘শত্ৰু দেশ’ৰ সংবাদ মাধ্যমক কোনো ধৰণৰ সাক্ষাৎকাৰ দিব নোৱাৰিব। এনে কৰিলে ইয়াৰ শাস্তি হিচাপে দীৰ্ঘদিনীয়া কাৰাদণ্ড হ’ব পাৰে।
নতুন আইনখনৰ বাট মুকলি কৰি দেওবাৰে ইৰাণৰ সংসদে এই কঠোৰ বিধেয়কখনত অনুমোদন জনাইছে। এতিয়া কেৱল ইৰাণৰ ‘গাৰ্ডিয়ান কাউন্সিল’ৰ (আইনজ্ঞ আৰু ধৰ্মীয় নেতাসকলৰ এখন ১২ জনীয়া উচ্চস্তৰীয় সমিতি) সন্মতি পালেই এই নতুন আইনখন সমগ্ৰ দেশত বলৱৎ হ’ব। প্ৰস্তাৱিত বিধেয়ক অনুসৰি, ‘শত্ৰু দেশ’ৰ সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিলে বা তেওঁলোকৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰিলে ৬ মাহৰ পৰা ২ বছৰ পৰ্যন্ত জেল হ’ব পাৰে। আনহাতে, বিদেশী সংস্থাক অন্যায়ভাৱে সহায় কৰাৰ অভিযোগ প্ৰমাণিত হ’লে প্ৰয়োজন সাপেক্ষে ৩০ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ কঠোৰ বিধানো ৰখা হৈছে।
কেৱল আমেৰিকা বা ইজৰাইলেই নহয়, যিকোনো বিদেশী সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিবলৈ হ’লেও এতিয়াৰ পৰা ইৰাণৰ চোৰাংচোৱা মন্ত্ৰালয়ক আগতীয়াকৈ অৱগত কৰিব লাগিব। লগতে বৈদেশিক মন্ত্ৰালয়ৰ পৰা লিখিত অনুমতি লোৱাটোও বাধ্যতামূলক কৰা হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছে প্ৰকাশ কৰা অনুসৰি, চৰকাৰী অনুমতি বিনা কোনো বিদেশী সংস্থাৰ সৈতে কথা পাতিলে জৰিমনা বিহোৱাৰ লগতে দোষীৰ সামাজিক অধিকাৰো খৰ্ব কৰা হ’ব পাৰে।
উল্লেখযোগ্য যে, ইতিপূৰ্বে যোৱা বছৰ ইজৰাইলৰ সৈতে হোৱা সংঘাতৰ সময়তো ইৰাণে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ‘শত্ৰু দেশ’ৰ সংবাদ মাধ্যমক সাক্ষাৎকাৰ আৰু ছবি যোগান ধৰাৰ অপৰাধত সেই সময়ত এগৰাকী ইৰাণী ফটো-সাংবাদিকক ১৫ বছৰৰ কাৰাদণ্ড বিহিছিল।





