ইৰাণৰ সৈতে জড়িত হেকাৰ গ্ৰুপ ‘হাণ্ডালা’ই দুহেজাৰৰো অধিক আমেৰিকান সৈনিকৰ ব্যক্তিগত তথ্য চুৰি কৰিছে। কেৱল সেয়াই নহয়, সেই তথ্য তেওঁলোকে এটা টেলিগ্ৰাম চেনেলতো প্ৰকাশ কৰিছে।
এই কথা দাবী কৰিছে আমেৰিকাৰ সংবাদ মাধ্যম ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’য়ে নিজৰ প্ৰতিবেদনত। সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে মুঠ ২৩৭৯ জন আমেৰিকান নৌসেনাৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰা হৈছে।
কিছুদিন পূৰ্বে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আইৰ মুৰব্বী কাচ পেটেল হেকিঙৰ বলি হৈছিল। তেওঁৰ ইমেইল আইডি আৰু কিছু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল। দাবী কৰা হৈছে যে ইয়াৰ আঁৰত আছিল হাণ্ডালা হেকাৰ গ্ৰুপ।
ইৰাকৰ সংবাদ মাধ্যম ‘ছাফাক নিউজ’ৰ এক প্ৰতিবেদন অনুসৰি বিগত কিছুদিন ধৰি উপসাগৰীয় দেশসমূহত নিয়োজিত আমেৰিকান মেৰিনলৈ হোৱাটছএপত বিভিন্ন বাৰ্তা প্ৰেৰণ কৰা হৈছে। মেছেজত কোৱা হৈছে যে তেওঁলোকক নিৰীক্ষণ কৰা হৈছে। প্ৰয়োজন হ’লে আক্ৰমণো কৰিব পাৰে।
প্ৰতিবেদন অনুসৰি হেকাৰ গ্ৰুপটোৱে দাবী কৰিছে যে তেওঁলোকৰ হাতত আমেৰিকান সৈনিকৰ ঘৰৰ ঠিকনা, পৰিয়ালৰ সদস্যৰ ব্যক্তিগত তথ্য, কেতিয়া আৰু ক’লৈ যায় – সকলো আছে।
প্ৰসংগক্ৰমে আমেৰিকা-ইৰাণৰ শান্তি আলোচনা পুনৰ ভাঙি পৰিছে। এই পৰিস্থিতিত ৱাশ্বিংটনে ইংগিত দিছে যে তেহৰাণত পুনৰ আক্ৰমণ হ’ব পাৰে। ইৰানে প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে। এই পৰিস্থিতিত ইতিমধ্যে পশ্চিম এছিয়াত যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছে।





