হৰমুজ জলদ্বীপৰ সমীপৰ লাৰাক দ্বীপত আমেৰিকাৰ আক্ৰমণৰ কেইঘণ্টামানৰ ভিতৰতে ইৰানে প্ৰত্যুত্তৰ দিলে। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে জৰ্ডানত থকা আমেৰিকাৰ দুটা সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়।
ইৰাণৰ দাবী যে এই আক্ৰমণত দুয়োটা ঘাটি ধ্বংস কৰা হৈছে। অৱশ্যে ক্ষয়-ক্ষতিৰ পৰিসৰ এতিয়াও জানিব পৰা হোৱা নাই। ইৰাণৰ প্ৰতিশোধমূলক আক্ৰমণত কোনো আমেৰিকান জোৱান নিহত হৈছে নে নাই সেয়াও জানিব পৰা হোৱা নাই।
চিএনএনৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ইৰাণে হৰমুজ জলদ্বীপত মাইন পোতাৰ চেষ্টা চলাইছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ সেনাই লাৰাক দ্বীপত আক্ৰমণ কৰে। এই আক্ৰমণত দুটা মিছাইল লঞ্চাৰ চিষ্টেম ধ্বংস হোৱা বুলি দাবী কৰা হৈছে। ইৰাণেও আমেৰিকাৰ আক্ৰমণ স্বীকাৰ কৰি পাল্টা আক্ৰমণৰ কথা সকীয়াই দিছিল। কেইঘণ্টামানৰ ভিতৰতে আৰম্ভ হয় প্ৰতিশোধমূলক আক্ৰমণ।
জৰ্ডানৰ কিং হুছেইন আৰু আল আজৰাকত আমেৰিকাৰ দুটা সামৰিক ঘাটি আছে। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে তাত নিশাই আক্ৰমণ চলায়। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই অভিযানক ‘আগ্ৰাসীক শাস্তি’ বা ‘পানিছমেন্ট অফ দ্য এগ্ৰেছৰ’ বুলি অভিহিত কৰা হৈছে। আই আৰ জি চিৰ দাবী যে তেওঁলোকৰ আক্ৰমণত ঘাটিসমূহৰ কাৰিকৰী সেৱা, সামৰিক সঁজুলি মেৰামতিৰ আন্তঃগাঁথনি আৰু যুঁজাৰু বিমান মোতায়েন কৰা স্থানসমূহ ধ্বংস হৈছে।
আই আৰ জি চিয়ে এক বিবৃতিত সকীয়াই দিছে যে প্ৰতিটো আক্ৰমণে তীব্ৰ প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব। তেওঁলোকে কয়, ‘আগ্ৰাসনৰ জৰিয়তে শত্ৰুৱে হৰমুজ জলদ্বীপ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। ইৰাণ তাত থাকিবই। প্ৰতিটো আক্ৰমণৰ আৰু তীব্ৰ প্ৰত্যুত্তৰ দিয়া হ’ব।’
যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (চেণ্টকম) হৰমুজ জলদ্বীপৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ পৰা সাগৰীয় মাইন আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰিছে। ইয়াৰ পিছত ইৰাণে সেইদিনা পুনৰ মাই পুতিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উঠিছে। ইয়াৰ পিছত আমেৰিকাৰ সেনাই আক্ৰমণ কৰে। অৱশ্যে আমেৰিকাৰ অভিযোগৰ বিষয়ে ইৰাণে মুখ খোলা নাছিল।


