• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

যুক্তৰাষ্ট্ৰই অনুমতি নিদিলেও মেক্সিকোতে থাকি বিশ্বকাপ খেলিব ইৰানে, জনালে ক্লডিয়া শেনবামে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 2:04 pm
81
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ বৰ্ষৰ ফিফা বিশ্বকাপক কেন্দ্ৰ কৰি এক বিশেষ ৰাজনৈতিক আৰু ক্ৰীড়া সম্পৰ্কীয় চৰ্চাই গা কৰি উঠিছে। এই বিশ্বকাপ চলি থকাৰ সময়ছোৱাত ইৰানৰ ফুটবল দলটোক আমেৰিকা যুক্তৰাষ্ট্ৰই সমগ্ৰ সময় ধৰি তাত থকাৰ অনুমতি দিয়া নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত ইৰানৰ দলটো চুবুৰীয়া দেশ মেক্সিকোতে থাকিব আৰু কেৱল নিজৰ খেল থকা দিনকেইটাত মেক্সিকোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাতায়াত কৰিব। মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া শেনবামে শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ কথাটো সদৰী কৰিছে।

মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লডিয়া শেনবামে সোমবাৰে এক সংবাদমেলত এই বিষয়ে বহলাই কয়। তেওঁ উল্লেখ কৰে যে যেতিয়া আমেৰিকাৰ কৰ্তৃপক্ষই ইৰানক নিজৰ দেশত দীৰ্ঘ সময়ৰ বাবে ৰাখিবলৈ অনিচ্ছা প্ৰকাশ কৰে, তেতিয়া ফিফাই মেক্সিকো চৰকাৰৰ সৈতে যোগাযোগ কৰে। শেনবামে স্পষ্টকৈ জনায় যে ইৰানক মেক্সিকোত থাকিবলৈ সুযোগ নিদিয়াৰ কোনো কাৰণ তেওঁলোকৰ হাতত নাই। তেওঁলোকে ইৰানক সম্পূৰ্ণ আতিথ্য প্ৰদান কৰিবলৈ সাজু আছে।

Apply Now

এইবাৰৰ ২০২৬ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখন ১১ জুনৰ পৰা ১৯ জুলাইলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত যুটীয়াভাৱে অনুষ্ঠিত হ’ব। এই বৃহৎ প্রতিযোগিতাত মুঠ ৪৮ টা দলে অংশগ্ৰহণ কৰিব। ইৰানৰ দলটো গ্রুপ জি-ত অন্তৰ্ভুক্ত হৈছে আৰু তেওঁলোকৰ তিনিওখন গ্রুপ পৰ্যায়ৰ খেল আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হ’ব। ইৰানে ১৫ জুনত লছ এঞ্জেলছত নিউজিলেণ্ডৰ বিৰুদ্ধে, ২১ জুনত একেখন চহৰতে বেলজিয়ামৰ বিৰুদ্ধে আৰু ২৬ জুনত ছিয়াটলত ইজিপ্তৰ বিৰুদ্ধে খেলিব। কিন্তু এই খেলসমূহ খেলিবলৈ তেওঁলোকে মেক্সিকোৰ পৰাহে অহা-যোৱা কৰিব লাগিব।

আনহাতে এই সমগ্ৰ বিষয়টোক লৈ আমেৰিকাৰ হোৱাইট হাউচ বা ষ্টেট ডিপার্টমেন্টে তাৎক্ষণিকভাৱে কোনো মন্তব্য কৰা নাই। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যোৱা মাৰ্চ মাহতে কৈছিল যে ইৰানে বিশ্বকাপত অংশ ল’ব পাৰে, কিন্তু নিৰাপত্তাৰ কাৰণত তেওঁলোকৰ দলটো আমেৰিকাত থকাটো তেওঁ উপযুক্ত বুলি নাভাৱে। ইয়াৰ পাছতে ইৰান ফুটবল ফেডাৰেচনৰ প্ৰধান মেহদি তাজে জনায় যে তেওঁলোকে দলৰ ঘাটি অৰিজোনাৰ পৰা মেক্সিকোৰ সীমান্তৱৰ্তী চহৰ তিজুয়ানালৈ স্থানান্তৰ কৰিব। সোমবাৰে ফিফায়ো এই সিদ্ধান্তত মোহৰ মাৰে। ইয়াৰ ফলত ইৰানে ভিছা সম্পৰ্কীয় জটিলতাৰ পৰা বাচিব পাৰিব আৰু ইৰান এয়াৰৰ পোনপটীয়া বিমানৰ জৰিয়তে যাতায়াত কৰাটো সহজ হ’ব।

উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালৰ পৰাই ইৰানৰ বিশ্বকাপ খেলাক লৈ এক অনিশ্চয়তাই দেখা দিছিল। সেই সময়ত আমেৰিকাই ইজৰাইলৰ সৈতে মিলি ইৰানৰ ওপৰত আক্ৰমণ চলাইছিল, যাৰ ফলত এক যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইয়াৰ বাবে ইৰানে বিশ্বকাপত খেলিব নে নাই, তাক লৈও প্ৰশ্ন উঠিছিল। মাৰ্চ মাহত ইৰানে নিজৰ খেলসমূহ মেক্সিকোলৈ স্থানান্তৰ কৰাৰ বাবে ফিফাৰ সৈতে আলোচনাও কৰিছিল, কিন্তু ফিফাই খেলৰ সূচীত কোনো পৰিৱৰ্তন নকৰিলে। এই খেলুৱৈসকলৰ অংশগ্ৰহণক লৈ জল্পনা-কল্পনা ইমানেই বাঢ়িছিল যে এপ্ৰিল মাহত ট্ৰাম্পৰ দূত পাওলো জাম্পোলিয়ে ইৰানৰ পৰিৱৰ্তে ইটালীক বিশ্বকাপত লোৱাৰ প্ৰস্তাৱ দিছিল, যদিও ইটালী আৰু ফিফা উভয়ে এই কথাক গুৰুত্বহীন বুলি নাকচ কৰে। এই সকলো বাধা-বিঘিনিৰ মাজতো বিগত বৰ্ষত এছিয়ান অঞ্চলৰ বাছনি পৰ্বত নিজৰ গ্ৰুপৰ শীৰ্ষত থাকি ইৰানে একেৰাহে চতুৰ্থবাৰৰ বাবে বিশ্বকাপলৈ অৰ্হতা অৰ্জন কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd