• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউনত স্তব্ধ FCI : ভয়াৱহ খাদ্য সংকটত ভূগিব নেকি অসম তথা উত্তৰ-পূব?

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
July 2, 2020 5:50 pm
WhatsApp Image 2020-07-02 at 5.42.13 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী মহানগৰীত হোৱা মহামাৰী কৰ’না ভাইৰাছৰ ভয়াৱহ গণসংক্ৰমণৰ বাবে এতিয়া চলি আছে ১৪ দিনীয়া সম্পূৰ্ণ লকডাউন। উত্তৰ-পূবৰ ‘হৃদপিণ্ড’ স্বৰূপ গুৱাহাটীৰ এই লকডাউনৰ প্ৰভাৱ সমগ্ৰ অঞ্চলটোত পৰাটো স্বাভাৱিক।

মহানগৰীৰ এই লকডাউনৰ বাবেই স্তব্ধ হৈ পৰিছে ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূব মণ্ডল। যাৰ ফলত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰত এতিয়া ভয়াৱহ খাদ্য সংকটৰ দিশে গতি কৰাৰ উপক্ৰম হৈছে।

Apply Now

লকডাউনৰ এই সময়ছোৱাত বন্ধ ৰখা হৈছে গুৱাহাটীৰ উলুবাৰীত থকা ভাৰতীয় খাদ্য নিগমৰ উত্তৰ-পূব মাণ্ডলিক কাৰ্যালয়। যোৱা ২৮ জুনৰ পৰাই বন্ধ আছে সমগ্ৰ উত্তৰ-পূবৰ এফ চি আইৰ সকলো কামকাজ পৰিচালনা কৰা এই কাৰ্যালয়টো।

সমান্তৰালভাবে বন্ধ ৰখা হৈছে কামৰূপৰ চাংসাৰীত থকা এফ চি আইৰ উত্তৰ-পূবৰ সৰ্ববৃহৎ গুডামটো। চাংসাৰীৰ এই গুডাম থকা ঠাইখিনি যদিও লকডাউন জাৰি থকা অঞ্চলৰ বাহিৰত, তথাপিতো মহানগৰীত লকডাউন চলি থকাৰ ফলত এই গুডামটো পৰিচালনাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাৰ বাবেই ইয়াক বন্ধ ৰাখিছে এফ চি আইয়ে।

চাংসাৰীৰ এই গুডামটোৰ সৰ্বমুঠ বহন ক্ষমতা প্ৰায় ৫০ হাজাৰ মেট্ৰিক টন। এই গুডামত মুঠ ১০ টা খণ্ড আছে আৰু প্ৰতিটো খণ্ডৰ বহন ক্ষমতা প্ৰায় ৫ হাজাৰ মেট্ৰিক টন। এই গুডামৰ পৰাই অসমৰ লগতে উত্তৰ-পূবৰ আন আন ৰাজ্যলৈ এফ চি আইয়ে অধিকাংশ খাদ্য সামগ্ৰীৰ যোগান ধৰে।

একেদৰে এফ চি আইয়ে বন্ধ ৰাখিছে নিউ গুৱাহাটীত থকা ৩৪ হাজাৰ মেট্ৰিক টন বহনক্ষম গুডামটোও। এই দুয়োটা বৃহৎ গুডাম বন্ধ ৰখাৰ ফলত অতি কম দিনৰ ভিতৰতেই সমগ্ৰ উত্তৰ-পূবত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী নাটনি হোৱাৰ তীব্ৰ শংকাই দেখা দিছে।

উল্লেখ্য যে, দেশৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগানৰ দায়িত্ব থকা ৰাজহুৱা খণ্ডৰ অতি গুৰুত্বপূৰ্ণ এই সংস্থাটোৰ মাণ্ডলিক কাৰ্যালয়টো এইবাৰ প্ৰথমবাৰৰ বাবে এইদৰে বন্ধ ৰখা হৈছে।

কেৱল মাণ্ডলিক কাৰ্যালয় বা গুডামেই নহয়, ১৪ দিনিয়া লকডাউনত চাংসাৰী আৰু নিউ গুৱাহাটীত ৰে’লৰ পৰা সামগ্ৰী ‘আনলোড’ কৰা প্ৰক্ৰিয়াও বন্ধ হৈ আছে। গুৱাহাটীৰ উপৰিও অসমৰ আন ঠাইটো এফ চি আইৰ খাদ্য সামগ্ৰী ৰে’লৰ পৰা ‘আনলোড’ প্ৰক্ৰিয়াত অসুবিধা আহি পৰিছে।

অসমৰ এফ চি আইৰ ৰে’লেৰে অহা সামগ্ৰীৰ আন আন ঠাইত থকা ‘আনলোডিং পইন্ট’ যেনে- তিনিচুকীয়া, যোৰহাট, ফৰকাটিং, নগাঁও, বৰপেটা ৰোড, টংলা, বিন্দুগুৰি, লখিমপুৰ, ধেমাজী, হাইলাকান্দি আৰু শিলচৰত শনিবাৰ আৰু দেওবাৰে লকডাউন থাকে। সেই দুটা বাৰত ৰে’ল আহিলে ‘আনলোড’ সম্ভৱ নহয়।

মহানগৰীত এতিয়া COVID19 ৰ গণসংক্ৰমণে অতি ভয়াৱহ ৰূপ লৈছে। গুৱাহাটীত এতিয়ালৈ কৰ’নাত আক্ৰান্তৰ মুঠ সংখ্যা প্ৰায় দুহেজাৰ জন হৈছে আৰু ৭ জন আক্ৰান্তৰ মৃত্যু হৈছে। এই সময়ছোৱাত লকডাউনৰ জৰিয়তে সামাজিক দূৰত্ব ৰখাটোৱেই সংক্ৰমণ ৰোধ একমাত্ৰ উপায় হৈ পৰিছে।

এনে পৰিস্থিতিত আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সমান্তৰালকৈ এফ চি আইয়ে কাৰ্যালয় তথা গুডাম বন্ধ ৰাখিছে। কিন্তু এফ চি আইৰ দৰে অত্যৱশ্যকীয় সেৱাৰ দায়িত্ব থকা এটা প্ৰতিষ্ঠানত এইদৰে স্তব্ধতা অহা বিষয়টো অতি চিন্তনীয়। ইয়াৰ ফলত কম দিনৰ ভিতৰতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভয়াৱহ খাদ্যৰ নাটনি আৰু সমান্তৰালকৈ সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে।

অৱশ্যে এনে আশংকাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে এফ চি আইৰ উত্তৰ-পূবৰ মণ্ডলৰ কাৰ্যবাহী প্ৰৱন্ধক অনুৰাগ গুপ্তাই।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত গুপ্তাই কয়, ‘‘চৰকাৰী নিৰ্দেশ অনুসৰি এফ চি আইৰ কামকাজ বন্ধ ৰখা হৈছে যদিও গুৱাহাটীৰ ভিতৰতহে ইয়াৰ প্ৰভাৱ পৰিব। আমি লগতে অত্যাৱশ্যকীয় সেৱা হিচাপে এফ চি আইৰ বাবে এই লকডাউনৰ নীতি-নিয়ম শিথিল কৰি দিবলৈ চৰকাৰলৈ আবেদন জনাইছো আৰু চৰকাৰে আমাৰ আবেদন বিবেচনা কৰিছে।’’

লগতে কামৰূপ মহানগৰ জিলাৰ বাহিৰত থাকিলেও পৰিচলনাৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাৰ বাবে চাংসাৰীৰ গুডামটো বন্ধ ৰখা হৈছে যদিও ইয়াৰ কামকাজ সোনকালে আৰম্ভ হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইয়াৰ উপৰিও উত্তৰ-পূবত হ’ব পৰা খাদ্য সংকট দূৰ কৰিবলৈ প্ৰয়োজনীয় সকলোখিনি ব্যৱস্থা এফ চি আইয়ে ল’ব পাৰিব বুলিও উত্তৰ-পূব মণ্ডলৰ কাৰ্যবাহী প্ৰৱন্ধকগৰাকীয়ে মন্তব্য কৰে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd