• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কামাখ্যাত এতিয়াও চলে নেকি নৰবলি?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 20, 2019 7:54 pm
WhatsApp-Image-2019-06-19-at-9.04.32-PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অম্বুবাচী মেলালৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত বুধবাৰে সন্ধিয়া নীলাচল পাহাৰত মহিলাৰ মুণ্ডহীন দেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য এতিয়াও বিৰাজমান। প্ৰকৃততে তাত কি ঘটিছিল সেয়া আৰক্ষীৰ তদন্তত হয়টো পোহৰলৈ আহিব। কিন্তু এই ঘটনাই শক্তিপীঠ কামাখ্যাত সঁচাকৈয়ে এতিয়াও নৰবলি চলে নেকি স্বাভাৱিকতেই সেই প্ৰশ্নৰ অৱতাৰণা কৰিছে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰেও তেনে এক মন্তব্যই প্ৰকাশ কৰিছে। আৰক্ষী আয়ুক্তগৰাকীয়ে বৃহস্পতিবাৰে সংবাদমাধ্যমক কয়, ‘’আমি সেই স্থানলৈ কালি গৈছিলো, আজিও গৈছো। আমাৰ তদন্ত চলি আছে, কিন্তু প্ৰাথমিক অনুসন্ধানত এয়া অন্ধবিশ্বাসৰ ফলতেই হোৱা যেন সন্দেহ হয়।‘’

Apply Now

উল্লেখ্য যে, নীলাচল পাহাৰত থকা জয় দূৰ্গা মন্দিৰৰ কাষত উদ্ধাৰ হৈছিল মৃতদেহটো। কামাখ্যা মন্দিৰলৈ গাড়ী যোৱা পথেৰে গ’লে পথৰ এটা অংশত থকা ‘ভিউ পইন্ট’ৰ পৰা খটখটিৰে নামিলে জয় দূৰ্গা মন্দিৰটো পোৱা যায়। জনশূন্য আৰু জংঘলেৰে আৱৰা এই খটখটিৰে নামি মালিগাঁৱৰ উত্তৰ-পূব সীমান্ত ৰেইলৱেৰ মুখ্য কাৰ্য্যালয়ৰ ওচৰতো ওলাব পাৰি।

এটা মুণ্ডহীন দেহ যিহেতু মন্দিৰৰ ওচৰত উদ্ধাৰ হ’ল আৰু ইয়াৰ কাষত টেকেলী, চাকি, সেন্দুৰ আদি পূজাৰ সামগ্ৰী উদ্ধাৰ হ’ল গতিকে বহুতৰ মনতেই এয়া এক নৰবলি বুলি সন্দেহ হৈছে।

এতিয়া আৰক্ষী আয়ুক্তইয়ো এয়া এক অন্ধবিশ্বাস হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰাৰ পাছত একবিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনত নৰবলিৰ দৰে এনে কু-প্ৰথা আৰু অন্ধবিশ্বাস কামাখ্যা মন্দিৰ বা ইয়াৰ আশে-পাশে এতিয়াও চলি আছে নেকি সেই প্ৰশ্ন উত্থাপন হৈছে।

আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও মৃতদেহটোৰ কাষত পোৱা পূজাৰ সামগ্ৰী সমুহো ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্তও আৰম্ভ কৰিছে।

ইপিনে, এই ঘটনা অন্ধবিশ্বাসৰ ফলত হ’ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে মানৱ অধিকাৰ তথা অন্ধ বিশ্বাস বিৰোধী কৰ্মী দিব্যজ্যোতি শইকীয়াইয়ো।

‘যিহেতু অম্বুবাচী মেলাৰ সময়ত এই ঘটনাটো ঘটিছে গতিকে এয়া এক অন্ধ বিশ্বাসৰ বাবে ঘটা ঘটনা বুলি সন্দেহ হৈছে আৰু এই সন্দেহ হয়তো শুদ্ধ হ’বও পাৰে। যিহেতু তাত পূজাৰ সামগ্ৰী পোৱা গৈছে গতিকে সেয়া নৰবলি যেনেই লাগে। অৱশ্যে যিয়ে নহওক মেলাৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা কামাখ্যাত এনে ঘটনা আৰক্ষীৰ প্ৰশাসনৰ ব্যৰ্থতা,’’- দিব্যজ্যোতি শইকীয়াই কয়।

ইপিনে এই ঘটনা কোনো কাৰণতে নৰবলি হ’ব নোৱাৰে বুলি দাবী কৰিছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। কাৰণ তেওঁলোকৰ মতে শাস্ত্ৰ অনুসৰি মহিলাৰ বলি নহয়।

‘’এইখন কামৰূপ কামাখ্যা, ইয়াত মহিলা সকলক সকলো সময়তে শ্ৰদ্ধা তথা পূজা কৰা হয়। মহিলা সকলৰ বিভিন্ন পৰ্য্যায়ত পূজা হয় যেনে কুমাৰী কালত কুমাৰী পূজা, সধৱা সকলক পূজা কৰা হয়, ব্ৰতত থকা বিধৱা সকলকো ফল-মূল আদি দি শ্ৰদ্ধা জনোৱা হয়। কেৱল মানুহৰ ক্ষেত্ৰতেই নহয়, হিন্দু শাস্ত্ৰ মতে জীৱ-জন্তুৰ ক্ষেত্ৰতো মাইকী জীৱ বলি দিয়া নহয়,’’- কামাখ্যা দেৱালয়ৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই কয়।

দলৈ গৰাকীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি দুস্কৃতিকাৰীয়ে আৰক্ষীক ভুল পথেৰে পৰিচালিত কৰিবলৈ তেনে এক পৰিবেশ ৰচনা কৰিছে বুলি ব্যক্ত কৰে। তেওঁ এই ঘটনাৰ উচিত তদন্ত কৰি হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবী জনায়।

কিন্তু প্ৰকৃত ঘটনা কি? এয়া অন্ধ বিশ্বাসৰ বশবৰ্তী হৈ দেৱীৰ নামত দিয়া নৰবলি নে হত্যাকাণ্ডক অন্য ৰূপ দিয়াৰ বাবে হত্যাকাৰীয়ে কৰা চেষ্টা, সেয়া আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd