বলিউড অভিনেত্ৰী কৰীনা কাপুৰ খান তৃতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে বুলি ছ’চিয়েল মিডিয়াত বিয়পি পৰা খবৰটো মিছা বুলি প্ৰকাশ কৰিছে কৰীনা কাপুৰৰ টীমে। শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি কৰীনা গৰ্ভৱতী বুলি বহুতে অনুমান কৰিছিল।
ভিডিঅ’টোত পাৰিবাৰিক ছুটী শেষ কৰি কৰীনা এখন গাড়ীৰ ফালে উভতি অহা দেখা যায়। তেওঁৰ সৈতে টীমৰ কেইবাজনো সদস্য আছিল। ফটোগ্ৰাফাৰৰ পৰা কৰীনাক আঁতৰাই ৰাখিবলৈ এজন ব্যক্তিয়ে ছাতি ধৰি থকা দেখা গৈছিল। ইয়াৰ পাছতেই ছ’চিয়েল মিডিয়াত কৰীনাৰ তৃতীয় গৰ্ভধাৰণক লৈ চৰ্চা আৰম্ভ হয়।
কিন্তু কৰীনাৰ টীমৰ উদ্ধৃতি দি প্ৰকাশিত প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকী গৰ্ভৱতী নহয়। এই খবৰ সম্পূৰ্ণভাৱে ভিত্তিহীন বুলি টীমে স্পষ্ট কৰিছে।
কৰীনা আৰু ছেইফ আলী খানৰ দুজন পুত্ৰ সন্তান আছে। তেওঁলোকৰ ডাঙৰ পুত্ৰ তৈমুৰৰ জন্ম ২০১৬ চনত আৰু সৰু পুত্ৰ জেহৰ জন্ম ২০২১ চনত। ইয়াৰ উপৰি ছেইফ আলী খানৰ প্ৰথম বিবাহৰ পৰা সাৰা আলী খান আৰু ইব্ৰাহিম আলী খান নামৰ দুজন সন্তান আছে।
কৰীনাক লৈ এনে জল্পনা এইবাৰেই প্ৰথম নহয়। ২০২২ চনতো অভিনেত্ৰীগৰাকীৰ তৃতীয় গৰ্ভধাৰণক লৈ একেধৰণৰ খবৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। সেই সময়ত কৰীনাই নিজেই এই খবৰ অস্বীকাৰ কৰি ধেমেলীয়াভাৱে কৈছিল যে তেওঁৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰত আছিল “পাস্তা আৰু ৱাইন”।
শেহতীয়াকৈ ছেইফ আলী খানৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে পৰিয়ালটোৱে একেলগে সমুদ্ৰতীৰৰ ছুটী উপভোগ কৰিছিল। সেই পাৰিবাৰিক ভ্ৰমণৰ পৰা উভতি অহাৰ পাছতেই কৰীনাৰ ভিডিঅ’টো ভাইৰেল হৈ গৰ্ভধাৰণৰ এই নতুন কল্পনাৰ সৃষ্টি হৈছিল।





