ভাৰতীয় ফুটবলত যেন সমস্যাৰ কোনো অন্ত নাই! দেশৰ অগণন ফুটবল অনুৰাগীৰ বাবে আহি পৰিছে পুনৰ এক নিৰাশাজনক খবৰ। যোৱা বছৰৰ দৰেই এইবাৰো ইণ্ডিয়ান ছুপাৰ লীগ নিৰ্ধাৰিত সময়তকৈ পলমকৈ আৰম্ভ হোৱাৰ তীব্ৰ সম্ভাৱনাই দেখা দিছে। উল্লেখ্য যে, যোৱাবাৰ সময়ৰ অভাৱৰ বাবেই প্ৰতিযোগিতাখনৰ আকাৰ সৰু কৰিবলগীয়া হৈছিল, য’ত পৰিচিত ‘হোম এণ্ড এৱে’ পদ্ধতিৰ সলনি প্ৰতিটো দলে আনটো দলৰ বিৰুদ্ধে মাত্ৰ এখনকৈ মেচহে খেলিবলৈ সুযোগ পাইছিল। এইবাৰো একেই পৰিস্থিতিৰ পুনৰাবৃত্তি ঘটি প্ৰতিযোগিতাখনৰ উত্তেজনা ম্লান পৰিব নেকি, তাক লৈ এতিয়া গভীৰ চিন্তাত পৰিছে সমগ্ৰ দেশৰ ফুটবল প্ৰেমীসকল।
এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰথমে ৪ ছেপ্টেম্বৰৰ পৰা আই এছ এল আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু শেহতীয়া খবৰ অনুসৰি, ১৫ অক্টোবৰৰ আগতে প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ কোনো সম্ভাৱনা নাই। অৰ্থাৎ, আই এছ এল প্ৰায় ডেৰ মাহ পিছুৱাই যোৱাটো একপ্ৰকাৰ নিশ্চিত।
ইয়াৰ মূল কাৰণ হৈছে ভাৰত আৰু ব্ৰাজিলৰ মাজত হ’বলগীয়া এখন মেচ। অহা ৩ অক্টোবৰত ব্ৰাজিলৰ বিৰুদ্ধে ভাৰতে এখন প্ৰীতি মেচ খেলাৰ কথা আছে। সেই মেচখন অনুষ্ঠিত হোৱাৰ পিছতহে আই এছ এল আৰম্ভ হ’ব। ইমান পলমকৈ আৰম্ভ হ’লে এইবাৰো সম্পূৰ্ণ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা সম্ভৱ হ’ব নে নাই, তাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি হৈছে।
আনহাতে, আই এছ এলৰ আগন্তুক ছিজনৰ মেচসমূহ দূৰদৰ্শনত কোনে পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰিব, সেয়াও এতিয়ালৈকে চূড়ান্ত হোৱা নাই। একমাত্ৰ ‘ফেনকোড’ নামৰ এপটোৱে মেচসমূহ দেখুৱাব বুলি জানিবলৈ দিছে যদিও, টেলিভিছনৰ পৰ্দাত কোনটো চেনেলত খেল চাব পাৰিব, তাৰ কোনো সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই।
প্ৰথম অৱস্থাত ছোনী স্পৰ্টছে আগ্ৰহ দেখুৱাইছিল যদিও তেওঁলোকে নিবিদা জমা নিদিলে। আনকি ফিফা বিশ্বকাপ সম্প্ৰচাৰ কৰা জী নেটৱৰ্কও মান্তি নহ’ল। নিবিদা জমা দিয়াৰ অন্তিম তাৰিখ আছিল ১২ আগষ্ট। এনে পৰিস্থিতিত কোনে খেল দেখুৱাব, তাক লৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন মহা সংকটত পৰিছে। বৰ্তমান ক্লাবসমূহ আৰু আই এছ এলৰ পৰিচালনা সমিতিৰ মাজত আলোচনা চলি আছে যদিও এতিয়ালৈকে কোনো চেনেলৰ সৈতে চুক্তি হোৱা নাই।





