• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবৰ ৭৫খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা হ’ব ইছৰো সমৰ্থিত মহাকাশ গৱেষণাগাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 30, 2025 7:08 pm
140
VIEWS
Share on FacebookShare on Twitter

জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু ভাৰত পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেডে (বিপিচিএল) দেশৰ ১৯খন ৰাজ্যৰ ৭৫খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত (ইএমআৰএছ) “মহাকাশ গৱেষণাগাৰ” স্থাপনৰ কথা ঘোষণা কৰিছে। উত্তৰ-পূব অঞ্চলৰ ইএমআৰএছসহ এই বিদ্যালয়সমূহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সমৰ্থনত এই পৰীক্ষাগাৰ স্থাপন কৰা হ’ব। বিপিচিএলৰ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটিৰ অধীনত ১২ কোটি টকাৰ ব্যয়ৰে মহাকাশ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (এছটিইএম)ৰ ক্ষেত্ৰত ৫০ হাজাৰতকৈ অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ব্যৱধান দূৰ কৰা আৰু তেওঁলোকৰ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰা লক্ষ্যৰে এই উদ্যোগ হাতত লৈছে।

ইছৰোৰ স্বীকৃতিপ্ৰাপ্ত মহাকাশ শিক্ষণ সংস্থাসমূহৰ কাৰিকৰী তত্ত্বাৱধানত এই পৰীক্ষাগাৰসমূহত ভাৰতৰ মহাকাশ অভিযানৰ অনুকৰণত উৎক্ষেপণ বাহনৰ মডেল, টেলিস্কোপ, কেনছেট ৱৰ্ক কিট আৰু উন্নত শিক্ষণ সামগ্ৰীৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিছে। এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ সৈতে সংগতি ৰাখি অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চমানৰ আৰু সৰ্বাংগীন শিক্ষাৰ সুযোগ সৃষ্টিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগানিত হৈছে। বিশেষকৈ উত্তৰ-পূবৰ দৰে দূৰৱৰ্তী আৰু অপ্ৰতিনিধিত্বশীল অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই উদ্যোগ বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে বৰ্তমান দেশত ৪৭০টা কাৰ্যক্ষম ইএমআৰএছ আছে, যিবোৰ জনজাতীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহিছে। এই মহাকাশ পৰীক্ষাগাৰৰ মাধ্যমে জনজাতীয় সম্প্ৰদায়ৰ পৰা ভৱিষ্যতৰ বিজ্ঞানী, অভিযান্তা আৰু উদ্ভাৱক গঢ়ি তোলাৰ লক্ষ্যৰে এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। এই উদ্যোগে জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।

Recent News

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd