জেট এয়াৰৱেজে উত্তৰ পূবৰ ৪টা বিমান বন্দৰৰ পৰা বিমানসেৱা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জেট এয়াৰৱেজে পৰিসেৱা প্ৰত্যাহাৰ কৰা বিমান বন্দৰকেইটা হৈছে যোৰহাট, শিলচৰ, আইজল আৰু ইম্ফল। ২০১৯ৰ ফেব্ৰুৱাৰি মাহৰ ১০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ মুম্বাইস্থিত বিমান পৰিবহণ সংস্থাটোৱে উক্ত বিমান বন্দৰকেইটাৰ পৰা বিমানসেৱা প্ৰত্যাহাৰ কৰিব।
উ্লেখ্য যে লাভজনক নোহোৱা যাত্ৰাপথৰ পৰা বিমানসেৱা প্ৰত্যাহাৰ কৰি লাভজনক যাত্ৰাপথত বিমানসেৱা প্ৰৱৰ্তন কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ভাৰতৰ দ্বিতীয় বৃহত্তম বিমান পৰিবহণ সংস্থাটোৱে।
বিমান ইন্ধনৰ মূল্যবৃদ্ধি, টকাৰ মূল্যৰ অৱনমন আৰু কঠিন মূল্য আৰোপ পৰিৱেশৰ বাবে জেট এয়াৰৱেজে ইয়াৰ উৎপাদনশীলতা আৰু দক্ষতা বৃদ্ধি কৰি দেশৰ আগশাৰীৰ বিমান পৰিবহণ কোম্পানী হৈ থাকিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে জেট এয়াৰৱেজে উত্তৰ পূৰ্বাঞ্চলৰ ৪টা বিমান বন্দৰৰ পৰা বিমান সৱা প্ৰত্যাহাৰ কৰাৰ লগে লগে এই অঞ্চলৰ বিমান পৰিবহণৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত বিমানৰ টিকটৰ মূল্য বৃদ্ধিও হ’ব পাৰে।