• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হিন্দু বাঙালী সমাবেশ’ বাদেই, মৈত্ৰী সন্মিলন পাতিলেও বুকু পাতি বাধা দিব জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 17, 2018 6:21 pm
Untitled
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘হিন্দু বাঙালী সমাবেশ’ৰ নাম সলনি কৰি মৈত্ৰী সন্মিলন অনুষ্ঠিত কৰিবলৈ চাতুৰী চলোৱাৰ সময়তে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ, অসম চমুকৈ চিআৰপিএফক কোনোধৰণৰ অনুষ্ঠান পাতিবলৈ নিদিয়ে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে।

উল্লেখযোগ্য যে, অহা ১৭ নৱেম্বৰত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬’-ৰ সমৰ্থনত গুৱাহাটীত সমাৱেশ পতাৰ সিদ্ধান্ত লোৱাৰ পাছত অসমৰ খিলঞ্জীয়া ৰাইজ আৰু জাতীয় দল-সংগঠনৰ মাজত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। তাৰ পাছতেই সুৰ সলনি কৰি ‘মৈত্ৰী সন্মিলন’ অনুষ্ঠিত কৰিব বিচৰা বুলি সংবাদমেলযোগে ঘোষণা কৰিছিল ‘নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চ’ই।

Apply Now

আনহাতে, এনেধৰণৰ ‘মৈত্ৰী সন্মিলনো’ অনুষ্ঠিত কৰিলে বুকু পাতি বাধা দিয়াৰ হুংকাৰ দিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই। আজি এই সন্দৰ্ভত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ এক কাৰ্য্য নিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছিল।

বৈঠকৰ অন্তত এই সম্পৰ্কত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় ‘তেওঁলোকে ১৭ নবেম্বৰৰ দিনটোত যিয়েই নাপাতক আমি বাধা দিমেই।‘

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চখনে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় দল সংগঠনৰ লগতে আলোচনা বিচাৰিছিল। কিন্তু এই ক্ষেত্ৰত কোনোধৰণৰ আলোচনা নিবিচাৰে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমে।

এইক্ষেত্ৰত সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় ‘আমাৰ স্পষ্ট কথা, আমি তেওঁলোকৰ সৈতে আলোচনাত মিলিত নহওঁ, আমি তেওঁলোকক শত্ৰু জ্ঞান কৰো। আমি আমন্ত্ৰণ জনালেও নাযাওঁ।‘

আনহাতে, জাতীয়তাবাদী কোনো দল-সংগঠনকে আলোচনাৰ বাবে আমন্ত্ৰণ কৰিলেও অংশগ্ৰহণ নকৰাৰ বাবে তেওঁ আহ্বান জনায়।

ইয়াৰোপৰি তেওঁ চিআৰপিএফ নামৰ সংগঠনটো বিজেপি দলে নিজাববীয়াকৈ গঢ় দিয়া বুলি দাবী জনাই লগতে কয় ‘এজন হোজা মানুহেও এই কথাটো বুজি পাইছে যে এই সংগঠনৰ প্ৰতি বিজেপিৰ সমৰ্থন আছে। জনসাধাৰণৰ মাজত আতংকময় পৰিস্থিতি সৃষ্টি কৰিবৰ বাবে এনেধৰণৰ কিছুমান পাবত গজা সংগঠনক লৈ চৰকাৰী পৃষ্ঠপোষকতাতে উক্ত সমাবেশ অনুষ্ঠিত কৰিবৰ বাবে আগবঢ়াই দিছে।‘

আনহাতে, বৈশ্যই অসমক অশান্ত কৰিব খোজা এনেধৰণৰ পাবত গজা সংগঠনসমূহক অসম ত্যাগ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, পূৰ্বে ঘোষিত ‘খানাপাৰালৈ ব’লক’ কাৰ্য্যসূচী বাহাল ৰাখিব জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমে। এই সম্পৰ্কে অহা ২৭ অক্টোবৰত গুৱাহাটীত বিভিন্ন জাতীয় দল-সংগঠন আৰু জনসাধাৰণক লগত লৈ এক ৰাজহুৱা সভা আহ্বান কৰিছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd