DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শান্তি সমদলত পাকিস্তান জিন্দাবাদ শ্লোগান দিয়া বাতৰি খণ্ডন জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাৰ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
February 22, 2019 7:47 am
জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাৰ সংবাদমেলৰ ফাইল ফটো

জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাৰ সংবাদমেলৰ ফাইল ফটো

900
VIEWS
Share on FacebookShare on Twitter

হোজাইৰ জামিয়া ইছলামীয়া জালালীয়া মাদ্ৰাছাই কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চহিদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ১৮ ফেব্ৰুৱাৰিত উলিওৱা শান্তি সমদলত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি ওলোৱা বাতৰিটো অস্বীকাৰ কৰিছে। বৃহস্পতিবাৰে হোজাইৰ গোপাল নগৰৰ মাদ্ৰাছাত অনুষ্ঠিত হোৱা এখন সংবাদমেলযোগে এই কথা স্পষ্ট কৰি দিছে জামিয়া ইছলামীয়া মাদ্ৰাছাই।

জালালীয়া সমাজৰ সভাপতি আহি জাহিউদ্দিন আৰু সাধাৰণ সম্পাদক মৌলানা আজিৰুদ্দিনে সংবাদমেল সম্বোধি কয় যে, ১৪ ফেব্ৰুৱাৰিৰ নৃশংস আক্ৰমণৰ চহিদ সকলক স্মৰণ কৰি জামিয়া ইছলামীয়া জালালীয়াই ১৮  ফেব্ৰুৱাৰিত এক শান্তি সমদল অনুষ্ঠিত কৰিছিল। প্ৰায় ৩০০০ হাজাৰ মাদ্ৰাছা ছাত্ৰ আৰু শিক্ষকে সমদলত অংশ লৈ ‘‘ভাৰতীয় সেনা জিন্দাবাদ’’, ‘‘পাকিস্তান মুৰ্দাবাদ’’ ‘‘সন্ত্ৰাসবাদ নিপাত যাওক’’ শ্লোগান দিছিল। কিন্তু দুৰ্ভাগ্যজনকভাবে কিছুমান সংবাদ মাধ্যমত সমদলৰ সময়ত ‘‘পাকিস্তান জিন্দাবাদ’’ শ্লোগান দিয়াৰ বাতৰি প্ৰকাশ কৰা হৈছে যিটো অতিশয় দুখজনক।

আনহাতে, আমাৰ হাতত অনুষ্ঠানৰ সম্পুৰ্ণ ভিডিঅ’ আছে আৰু তাত কোনোধৰণৰ এনে বিতৰ্কিত শ্লোগান দিয়া হোৱা নাই, এয়া মাদ্ৰাছাক বদনাম কৰিবলৈ কোনো তৃতীয় শক্তিৰ ষড়যন্ত্ৰ বুলি সংবাদমেলত জামিয়া ইছলামীয়া জালালিয়াৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয়।

সংবাদমেলত জামিয়া ইছলামীয়া জালালীয় মাদ্ৰাছাৰ সদস্য ফকিৰুদ্দিন কাছমিয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া অভিযোগ খণ্ডন কৰি কয় যে সমদলৰ সময়ত প্ৰথমৰ পৰা শেষলৈ আৰক্ষী উপস্থিত আছিল, যদিহে তেনে কোনো বিতৰ্কিত শ্লোগান দিয়া হৈছিল তেন্তে আৰক্ষীয়ে নিশ্চয় শ্লোগান দিয়া সকলক বাধা দি আটক কৰিলেহেতেন।

উল্লেখযোগ্য যে, ১৮ ফেব্ৰুৱাৰিত হোজাইৰ বিজেপি যুৱ মৰ্চা আৰু এবিভিপিয়ে দুই সংখ্যালঘু নেতা ক্ৰমে এ আই য়ু ডি এফৰ হোজাই জিলা সভাপতি হালালুদ্দিন আহমেদ আৰু অসম ৰাজ্যিক জামিয়ত-এ-য়ুলেমাৰ সভপতি মৌলানা মোস্তাক আনফাৰৰ বিৰুদ্ধে সমদলৰ সময়ত দেশ বিৰোধী আৰু পাকিস্তানক সমৰ্থন কৰি দিয়া শ্লোগানৰ বাবে হোজাই আৰক্ষী চকীত পৃথকে পৃথকে দুখন এফ আই আৰ দাখিল কৰিছিল।

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd