NORTHEAST NOW (Assamese)

দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত শিৱ থাপা-যমুনা বড়োৰ স্বৰ্ণ জয়

May 24, 2019 8:20 pm · এন ই নাও নিউজ
Updated: May 24, 2019 8:35 pm

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকম, যমুনা বড়ো, সৰিতা দেবী আৰু বক্সাৰ শিৱ থাপাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

৬ বাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন তথা ‘মেগনিফিচেণ্ট মেৰী’ হিচাপে পৰিচিত এম চি মেৰী কমে মহিলাৰ ৫১ কেজি শাখাত  ভানলা দুৱাতিক ৫-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

চাৰিবাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী তথা মনিপুৰৰ ৩৭ বছৰীয়া সৰিতা দেৱীয়ে সিমৰনজিত কৌৰক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। সৰিতা দেৱী এই সোণৰ পদক নিজৰ মাকৰ নামত উৎসৰ্গা কৰিছে।

একেদৰে অসমৰ যমুনা বড়োৱে মহিলাৰ ৫৪ কেজি শাখাত সন্ধ্যাৰাণীক ৫-০ ব্যৱধানত পাৰস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

আনহাতে বক্সাৰ শিৱ থাপাই পুৰুষৰ ৬০ কেজি শাখাত মনিষ কৌশিকক ৫-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।

Related News