• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক নেতা যশোৱন্ত সিঙৰ পৰলোকপ্ৰাপ্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 27, 2020 10:44 am

2 min read

WhatsApp Image 2020-09-27 at 9.56.51 AM
252
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি অসুস্থ হৈ তকাৰ পাছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ অনত্যতম প্ৰতিষ্ঠাপক নেতা যশোৱন্ত সিঙৰ দেওবাৰে ৮২বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটিছে।

প্ৰয়াত নেতাগৰাকীৰ মৃত্যুত টুইটাৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শোক প্ৰকাশ কৰিছে।

২০১৪চনৰ ৭ আগষ্টত নিজৰ ঘৰৰ টয়লেটত পৰি গৈ জ্ঞান হেৰুৱাইছিল বৰ্ষীয়ান নেতাগৰাকীয়ে। হাস্পাতললৈ লৈ যোৱা হৈছিল যদিও তেওঁ ক’মাত গুচি গৈছিল।

চিকিৎসকৰ আপ্ৰাণ চেষ্টা সত্ত্বেও তেওঁক স্বাভাৱিক অৱস্থালৈ ঘুৰাই আনিব পৰা নগ’ল। অৱশেষত দেওবাৰে তেওঁৰ বিয়োগ ঘটে।

১৯৩৮চনৰ ৩জানুৱাৰিত ৰাজস্থানৰ বাৰমেৰ জিলাৰ জসোল গাঁৱৰ এক ৰাজপুত পৰিয়ালত যশোৱন্ত সিঙৰ জন্ম হৈছিল।

সুদীৰ্ঘ দিন সেনাবাহিনীত চাকৰি কৰাৰ পাছত তেওঁ ৰাজনীতিত যোগদান কৰিছিল।

বিজেপিৰ অন্যতম প্ৰতিষ্ঠাপক সদস্যগৰাকী দেশৰ সৰ্বাধিককাল সাংসদ হোৱাসকলৰ ভিতৰত অন্যতম আছিল।

১৯৮০ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ সংসদত সক্ৰিয় হৈ আছিল।

প্ৰাক্তন প্ৰধান মন্ত্ৰী  অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাত তেওঁ একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল। তাৰ ভিতৰত বিত্ত, বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ দায়িত্ব আছিল অন্যতম।

১৯৯৮-৯৯বৰ্ষত তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪চনত বিজেপিৰ হাতৰ পৰা কেন্দ্ৰৰ ক্ষমতা গুচি যোৱাৰ পাছত তেওঁ ৰাজ্যসভাত বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব পালন কৰিছিল।

উল্লেখ্য যে ২০০৯চনত তেওঁ লিখা এখন গ্ৰন্থত পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ প্ৰতি সহানুভূতিসূচক মন্তব্য কৰাৰ বাবে নিজ দলতে তেওঁ অপ্ৰিয় হৈ পৰে। তেওঁ নিজৰ সেই বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ মান্তি নোহোৱাৰ বাবে দলে তেওঁক প্ৰায় একাষৰীয়া কৰি ৰাখে।

২০১৪চনৰ লোকসভা নিৰ্বাচনত তেওঁক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া নাছিল। কিন্তু তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বাৰমেৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল।

দলে তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ বাবে দিয়া নিৰ্দেশ অমান্য কৰাত ২০১৪চনৰ ২৯ মাৰ্চত তেওঁক বিজেপিৰ পৰা বহিস্কাৰ কৰা হয়।

দেওবাৰে পুৱাই এইগৰাকী প্ৰাজ্ঞ তথা ভীষ্মপুৰুষে ইহলোকৰ পৰা পৰলোকলৈ গমন কৰে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd