• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ বহিখোৱাৰ পথাৰত অইল ইণ্ডিয়াৰ চিচমিক চাৰ্ভে : জীপাল কৃষক শ্ৰমিক সংগঠনৰ প্ৰতিবাদ

NE NOW NEWS বোকাখাত
বোকাখাত , November 23, 2018 10:48 pm

2 min read

বোকাখাতৰ বহিখোৱাৰ পথাৰত অইল ইণ্ডিয়াৰ চিচমিক চাৰ্ভে : জীপাল কৃষক শ্ৰমিক সংগঠনৰ প্ৰতিবাদ
508
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে বোকাখাতৰ মৰিধনশিৰি নদীৰ পাৰৰ খেতিৰ পথাৰত অইল ইণ্ডিয়াই চলোৱা ভূকম্পন জৰীপে আজি সমগ্ৰ অঞ্চলতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰাপ্ত তথ্য মতে কাজিৰঙাৰ অগৰাতলি ৰেঞ্জৰ সমীপৰ বহিখোৱা পথাৰত আজি অইল ইণ্ডিয়াৰ হৈ আলফা জিঅ’ ইণ্ডিয়া নামৰ কোম্পানীটোয়ে এই চিচমিক চাৰ্ভেৰ কাম আৰম্ভ কৰে। ভূ-গৰ্ভ কম্পনেৰে তেল সন্ধান কৰাৰ নামত কোম্পানীটোয়ে বহিখোৱা পথাৰত ড্ৰিল কৰি মাটিৰ তলত এলানি বিস্ফোৰণ ঘটায়। ফলত স্থানীয় লোকসকল শংকিত হৈ পৰে।

আনহাতে এই ঘটনাৰ পিছতে বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংগঠনৰ কৰ্মী সকল ঘটনাস্থলীত উপস্থিত হৈ এই কাৰ্যৰ বিৰোধিতা কৰি তৎকালীনভাৱে এই ভূকম্পন বন্ধ কৰি দি ভৱিষ্যতে এনে কাৰ্য নকৰিবৰ বাবে আলফা জিঅ’ ইণ্ডিয়া নামৰ কোম্পানিটোক সকীয়াই দিয়ে।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ চেনচিটিভ জ’ন আৰু নুমলীগড় শোধানাগাৰৰ ন’ ডেভিলপমেণ্ট জ’নতে হোৱা এই চিচমিক জৰীপৰ বিষয়ে কাজিৰঙাৰ কৰ্তৃপক্ষ একেবাৰে অৱগত নহয়। আনকি এই জৰীপৰ বিষয়ে বোকাখাত মহকুমা প্ৰশাসনো অৱগত নহয়।

আনহাতে জীপাল নামৰ সংগঠনটোৰ প্ৰতিবাদত বহিখোৱাত এই চিচমিক চাৰ্ভে বন্ধ কৰি আলফা জিঅ’ ইণ্ডিয়াৰ কৰ্মকৰ্তাই গোলাঘাটৰ উপায়ুক্তক এখন পত্ৰ প্ৰদৰ্শন কৰে।

ইফালে জীপালৰ বিষয় ববীয়া সোনেশ্বৰ নৰহে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি অই ইণ্ডিয়াই এনেদৰে নীতি বৰ্হিভূতভাৱে চলোৱা জৰীপে বোকাখাতৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো ভয়ংকৰভাৱে ক্ষতি কৰিব। গতিকে কোনো কাৰণতে বোকাখাতত এই ভূকম্পন জৰীপ হ’বলৈ দিয়া নহ’ব বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd