NORTHEAST NOW (Assamese)

১২ আগষ্টত মুকেশ আম্বানিয়ে মুকলি কৰিব JioPhone 3

August 1, 2019 11:51 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি। ইণ্টাৰনেটৰ পৰা সংগৃহীত

ভাৰতৰ সৰ্ববৃহৎ মোবাইল নেটৱৰ্ক কোম্পানী ৰিলায়েঞ্চ Jio-এ অহা ১২ আগষ্টত মুকলি কৰিব JioPhone 3। প্ৰতিষ্ঠানটোৰ মালিক মুকেশ আম্বানিয়ে উক্ত ফোনটো মুকলি কৰাৰ কথা।

ফোনটোৰ আনুমানিক বজাৰ মূল্য হৈছে ৪,৫০০ টকা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে Jio-এ JioPhone 1 আৰু JioPhone 2 মুকলি কৰিছিল।

এণ্ট্ৰি-লেভেল স্মাৰ্টফোন JioPhone 3 কেতবোৰ আকৰ্ষণীয় বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে-

. বেটেৰী ক্ষমতা – ২৮০০ mAh

. পাৰ্ফৰমেঞ্চ – Quad Core, ১.৪ GHz, ২ জি বি ৰেম

. কেমেৰা – ৫ মেগা পিক্সেল প্ৰাইমেৰী কেমেৰা, LCD ফ্লেছ, ২ মেগা পিক্সেল ফ্লণ্ট কেমেৰা।

. ডিচপ্লে – ৫ ইঞ্চি (১২.৭ চেঃমিঃ) HD, ২৯৪ PPI, IPS LCD

উল্লেখযোগ্য যে ইয়াৰ JioPhoneৰ পূৰ্বৰ মডেল সমূহৰ ক্ষেত্ৰত কোম্পানীটোৱে গ্ৰাহকক ফোনটোৰ সৈতে কিছুমান আকৰ্ষণীয় উপহাৰ আগবঢ়াইছিল।

অৱশ্যে এইবাৰ মোবাইলটো ক্ৰয় কৰিলে গ্ৰাহকে লাভ কৰিবনে উপহাৰ? জানিবলৈ ৰ’ব লাগিব ১২ আগষ্টলৈ।

Related News