• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

এডবাষ্টন টেষ্টত পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত ৬২ ৰানৰ ইনিংছ খেলি শচীন তেণ্ডুলকাৰৰ ৬৮টা অৰ্ধশতকৰ অভিলেখ অতিক্ৰম কৰিলে ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2026 9:45 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে এডবাষ্টনত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টেষ্ট মেচত পাকিস্তানক আঠ উইকেটত পৰাস্ত কৰি ইংলেণ্ডে ৩-০ ব্যৱধানত শৃংখলা দখল কৰাৰ লগতে ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটে এক ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হয়। ১৩০ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি ৩৯টা বলত নটা চাৰিৰে অপৰাজিত ৬২ ৰানৰ ইনিংছ খেলাৰ লগে লগে ৰুটে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ ভংগ কৰে।

 

Apply Now

এই অপৰাজিত অৰ্ধশতকীয় ইনিংছটোৰ সৈতে টেষ্ট ক্ৰিকেটত জ’ ৰুটৰ অৰ্ধশতকৰ সংখ্যা ৬৯টালৈ বৃদ্ধি পায় আৰু তেওঁ তেণ্ডুলকাৰৰ ৬৮টা অৰ্ধশতকৰ অভিলেখ অতিক্ৰম কৰি শীৰ্ষস্থান অধিকাৰ কৰে। এই তালিকাত ৬৬টা অৰ্ধশতকেৰে শিৱনাৰায়ণ চন্দ্ৰপল তৃতীয় স্থানত থকাৰ বিপৰীতে ৬৩টাকৈ অৰ্ধশতকেৰে এলেন বৰ্ডাৰ আৰু ৰাহুল দ্ৰাবিড় চতুৰ্থ আৰু ৬২টা অৰ্ধশতকেৰে ৰিকি পণ্টিং পঞ্চম স্থানত আছে।

 

ইয়াৰ সমান্তৰালভাৱে ৰুট এডবাষ্টনত এহেজাৰৰো অধিক টেষ্ট ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী বেটাৰ হিচাপে পৰিগণিত হয়। লৰ্ডছ, মানচেষ্টাৰ আৰু অ’ভেলৰ পাছত এডবাষ্টন হৈছে ৰুটে এহেজাৰ ৰানৰ সীমা অতিক্ৰম কৰা চতুৰ্থখন খেলপথাৰ। তেওঁ লৰ্ডছত ২২০৩, মানচেষ্টাৰত ১১২৮ আৰু অ’ভেলত ১০৫০ ৰান সংগ্ৰহ কৰিছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ জেক কালিছ আৰু অষ্ট্ৰেলিয়াৰ মহান ক্ৰিকেটাৰ ৰিকি পণ্টিঙৰ পাছত চাৰিখন ভিন্ন খেলপথাৰত এহেজাৰতকৈ অধিক টেষ্ট ৰান সংগ্ৰহ কৰা ৰুট হৈছে বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ।

 

মেচখনৰ প্ৰথম ইনিংছত পাকিস্তানে মাত্ৰ ১৩৩ ৰানত আটাইকেইটা উইকেট হেৰুওৱাৰ বিপৰীতে ইংলেণ্ডে হেৰী ব্ৰুকৰ ৭৫, জেমি স্মিথৰ ৬৯, ডেন লৰেন্সৰ ৬৫, এমিলাও গে’ৰ ৬০ আৰু অলি ৰবিনছনৰ ৫০ ৰানৰ সহায়ত ৪৫৩ ৰান সংগ্ৰহ কৰি ৩২০ ৰানৰ বৃহৎ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত দ্বিতীয় ইনিংছত পাকিস্তানে প্ৰত্যাৱৰ্তনৰ প্ৰয়াস কৰি ৪৪৯ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ শ্বান মাছুদে ৯৫, বাবৰ আজমে ৭৬ আৰু অভিষেককাৰী ৰাজাউল্লাই ৮১ ৰানৰ বৰঙণি আগবঢ়ায়। নৱম উইকেটৰ জুটিত ৰাজাউল্লা আৰু মহম্মদ আব্বাছে ৪২ ৰানৰ বৰঙণিৰে মুঠ ১২১ ৰান যোগ কৰে।

 

পাকিস্তানৰ দ্বিতীয় ইনিংছৰ পাছত ইংলেণ্ডে জয়ৰ বাবে ১৩০ ৰানৰ লক্ষ্য লাভ কৰে আৰু জ’ ৰুটৰ অপৰাজিত ৬২ ৰান তথা জৰ্ডান কক্সে কৰা অপৰাজিত ৫৯ ৰানৰ সহায়ত মাত্ৰ দুটা উইকেট হেৰুৱাই ১৩০ ৰান সংগ্ৰহ কৰি সহজ জয় সাব্যস্ত কৰে। এই জয়ৰ জৰিয়তে হেডিংলে আৰু লৰ্ডছত পূৰ্বে লাভ কৰা জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ইংলেণ্ডে ৩-০ ব্যৱধানত আলহী দলটোক হোৱাইটৱাছ কৰে আৰু এক আধিপত্যপূৰ্ণ প্ৰদৰ্শনেৰে শৃংখলাৰ সামৰণি মাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd