• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 7:54 pm
Joshimath-Like Situation In Jammu-Kashmir
142
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ যোশীমঠ চহৰত দেখা দিয়া দুৰ্যোগৰ অনুৰূপ দৃশ্য এইবাৰ পৰিলক্ষিত হৈছে জম্মু-কাশ্মীৰত। যোশীমঠ সংকটৰ দৰেই এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে উপত্যকাটোৰ ড’ডা জিলা। এই সংকটৰ ফলত জিলাখনৰ এখন গাঁও প্ৰায় নি:চিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ভূমিস্খলনৰ কবলত পৰা ড’ডা জিলাৰ এখন গাঁও বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ২০ টাতকৈও অধিক ঘৰ আৰু এটা মছজিদত চিৰাল ফাট মেলিছে। এনে সংকটৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে।

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু বিশেষজ্ঞৰ দল এটাক গাঁওখনলৈ প্ৰেৰণ কৰা হৈছে। এই দলটোৱে এনে অস্বাভাৱিক স্খলনৰ উদ্ভৱ হোৱাৰ কাৰণৰ তদন্ত কৰিছে বুলি তেওঁলোকে সদৰী কৰিছে।

ড’ডাৰ উপ আয়ুক্ত বিষেশ মহাজনে এই দুৰ্যোগৰ সন্মুখীন হোৱা স্থানীয় লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তথা তেওঁলোক যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰশাসনে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

অপৰিকল্পিত পথ নিৰ্মাণকে ধৰি আন কেইবাটাও কাৰকে পাহাৰীয়া গাঁওখনত এনেদৰে দুৰ্যোগৰ সৃষ্টি কৰা বুলি দাবী কৰিছে স্থানীয় একাংশ লোকে।

উল্লেখ্য যে, শেহতীয়াকৈ এনে ভয়াৱহ দুৰ্যোগৰ কবলত পৰি নি:চিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছিল উত্তৰাখণ্ডৰ যোশীমঠ চহৰ। চিৰাল ফাটৰ প্ৰকোপত চহৰখনত এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। দুৰ্যোগৰ কবলত পৰা প্ৰায় ৪ হাজাৰ লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল।

চহৰখনৰ স্থানীয় বাসিন্দা আৰু বিশেষজ্ঞসকলে এই সংকটৰ বাবে অঞ্চলটোৰ অপৰিকল্পিত আৰু বিশৃংখল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে। ইফালে যোশীমঠৰ পিছতে এনে অনুৰূপ পৰিস্থিতিয়ে উত্তৰাখণ্ডৰ আন এখন চহৰ তেহৰী গড়ৱালকো স্পৰ্শ কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd