• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2023 7:54 pm
Joshimath-Like Situation In Jammu-Kashmir
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ যোশীমঠ চহৰত দেখা দিয়া দুৰ্যোগৰ অনুৰূপ দৃশ্য এইবাৰ পৰিলক্ষিত হৈছে জম্মু-কাশ্মীৰত। যোশীমঠ সংকটৰ দৰেই এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে উপত্যকাটোৰ ড’ডা জিলা। এই সংকটৰ ফলত জিলাখনৰ এখন গাঁও প্ৰায় নি:চিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, ভূমিস্খলনৰ কবলত পৰা ড’ডা জিলাৰ এখন গাঁও বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ২০ টাতকৈও অধিক ঘৰ আৰু এটা মছজিদত চিৰাল ফাট মেলিছে। এনে সংকটৰ ফলত স্থানীয় বাসিন্দাসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে।

Apply Now

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে আৰু বিশেষজ্ঞৰ দল এটাক গাঁওখনলৈ প্ৰেৰণ কৰা হৈছে। এই দলটোৱে এনে অস্বাভাৱিক স্খলনৰ উদ্ভৱ হোৱাৰ কাৰণৰ তদন্ত কৰিছে বুলি তেওঁলোকে সদৰী কৰিছে।

ড’ডাৰ উপ আয়ুক্ত বিষেশ মহাজনে এই দুৰ্যোগৰ সন্মুখীন হোৱা স্থানীয় লোকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তথা তেওঁলোক যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰশাসনে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

অপৰিকল্পিত পথ নিৰ্মাণকে ধৰি আন কেইবাটাও কাৰকে পাহাৰীয়া গাঁওখনত এনেদৰে দুৰ্যোগৰ সৃষ্টি কৰা বুলি দাবী কৰিছে স্থানীয় একাংশ লোকে।

উল্লেখ্য যে, শেহতীয়াকৈ এনে ভয়াৱহ দুৰ্যোগৰ কবলত পৰি নি:চিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছিল উত্তৰাখণ্ডৰ যোশীমঠ চহৰ। চিৰাল ফাটৰ প্ৰকোপত চহৰখনত এক অকল্পনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। দুৰ্যোগৰ কবলত পৰা প্ৰায় ৪ হাজাৰ লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছিল।

চহৰখনৰ স্থানীয় বাসিন্দা আৰু বিশেষজ্ঞসকলে এই সংকটৰ বাবে অঞ্চলটোৰ অপৰিকল্পিত আৰু বিশৃংখল আন্তঃগাঁথনি প্ৰকল্পৰ বাবে স্পষ্টকৈ দোষাৰোপ কৰিছে। ইফালে যোশীমঠৰ পিছতে এনে অনুৰূপ পৰিস্থিতিয়ে উত্তৰাখণ্ডৰ আন এখন চহৰ তেহৰী গড়ৱালকো স্পৰ্শ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd