ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় ক্ৰীড়া সাংবাদিক তথা ‘নিয়মীয়া বাৰ্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী জনাইছে জাৰ্ণেলিষ্ট এছ’চিয়েছন অব্ আছাম “জা” আৰু নেশ্চনেল ইউনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া”এন ইউ জে আই”য়ে।
গুৱাহাটীৰ হাতীগাঁৱৰ শেৱালী পথৰ বাসগৃহৰ সন্মুখতে সোমবাৰে উদ্ধাৰ হোৱা মৃতদেহত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট থকা বুলি উল্লেখ কৰি এন ইউ জেআইৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা “জা”ৰ মুখ্য উপদেষ্টা ভূপেন গোস্বামী, “জা” ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু সম্পাদক সুদীপ শৰ্মা চৌধুৰীয়ে অসমৰ ৰাজ্যপাল জগদীশ মুখীলৈ প্ৰেৰণ কৰা পত্ৰত এইটো এক হত্যাকাণ্ডৰ ঘটনা বুলিও সন্দেহ প্ৰকাশ কৰিছে।
সাংবাদিকক নিৰাপত্তা দিব নোৱাৰা চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক কঠোৰ সমালোচনা কৰি মৃত সাংবাদিক জনৰ পৰিয়ালক ৩০ লাখ টকাৰ এক সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যপালৰ জৰিয়তে চৰকাৰৰ ওচৰত সাংবাদিক সংগঠন দুটাই দাবী জনাইছে।
আনহাতে, সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ দাবীত সকলো সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে সংগঠন দুটাই।