• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদত বিস্ফোৰক তথ্য: ১০ বছৰত ন্যায়াধীশৰ বিৰুদ্ধে ৮,৬৩০ টা অভিযোগ দাখিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 14, 2026 7:42 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত এটা দশকত ভাৰতীয় ন্যায়পালিকাৰ স্বচ্ছতা আৰু উত্তৰদায়ীত্বক লৈ এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। কেন্দ্ৰীয় বিধি আৰু ন্যায় মন্ত্ৰালয়ে যোৱা ১৩ ফেব্ৰুৱাৰী, শুকুৰবাৰে সংসদত সদৰী কৰা অনুসৰি, বিগত ১০ বছৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ে কৰ্মৰত ন্যায়াধীশসকলৰ বিৰুদ্ধে মুঠ ৮,৬৩০ টা বিভিন্ন ধৰণৰ অভিযোগ লাভ কৰিছে। লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত দাঙি ধৰা এই পৰিসংখ্যাই বৰ্তমানৰ ন্যায়িক ব্যৱস্থাত জবাবদিহিতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক লৈ নতুনকৈ বিতৰ্কৰ সূচনা কৰিছে।

‘বাৰ এণ্ড বেঞ্চ‘ৰ বাতৰি অনুসৰি, দ্ৰাবিড় মুন্নেত্ৰ কাঝাগম (ডিএমকে)ৰ সাংসদ মাথেস্বৰন ভি এছ-এ লোকসভাত সোধা এক প্ৰশ্নৰ উত্তৰত চৰকাৰৰ হৈ এই তথ্য দাঙি ধৰে বিধি আৰু ন্যায় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) অৰ্জুন ৰাম মেঘৱালে। উল্লেখনীয় যে মাথেস্বৰন ভি এছ-এ মন্ত্ৰালয়ৰ পৰা উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে দুৰ্নীতি, যৌন দুৰাচাৰ বা অন্যান্য গুৰুতৰ অনিয়মৰ সৈতে জড়িত অভিযোগৰ তালিকা বিচাৰিছিল।

Apply Now

ইয়াৰ উত্তৰত অৰ্জুন ৰাম মেঘৱালে উচ্চতম ন্যায়ালয়ৰ পৰা প্ৰাপ্ত তথ্যৰ ভিত্তিত লিখিত উত্তৰ দাখিল কৰি জনায় যে কৰ্মৰত ন্যায়াধীশসকলৰ বিৰুদ্ধে ৮,৬৩০ টা অভিযোগ পোৱা গৈছে। ইয়াৰ ভিতৰত সৰ্বাধিক ১,১৭০ টা অভিযোগ ২০২৪ বৰ্ষত পোৱা গৈছে; আনহাতে আটাইতকৈ কম ৫১৮ টা অভিযোগ ২০২০ চনত মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ে লাভ কৰিছে।

মাথেস্বৰনে তেওঁৰ প্ৰশ্নত এই অভিযোগসমূহৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি বুলিও সুধিছিল। অৱশ্যে বিধি মন্ত্ৰালয়ৰ উত্তৰত এই দিশটোৰ কোনো উল্লেখ কৰা হোৱা নাই। লগতে অভিযোগসমূহৰ ওপৰত লোৱা ব্যৱস্থাৰ কোনো নথি কিয় নাই, সেইটোও স্পষ্ট কৰা হোৱা নাই।

এই সন্দৰ্ভত সাংসদগৰাকীয়ে আন এটা প্ৰশ্ন উত্থাপন কৰিছিল যে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে দুৰ্নীতি, যৌন অপৰাধ বা গুৰুতৰ অনিয়মৰ অভিযোগৰ তথ্য ৰক্ষণাবেক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ে ব্যৱহাৰ কৰা কোনো ব্যৱস্থাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰ অৱগত নেকি? যদি হয়, তেন্তে বিগত ১০ বছৰত এনে কিমান অভিযোগ পোৱা গৈছে আৰু সেইবোৰৰ ওপৰত বছৰ বছৰ ধৰি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে? প্ৰশ্নটোত এইটোও সোধা হৈছিল যে চৰকাৰে ন্যায়পালিকাৰ সদস্যসকলৰ বিৰুদ্ধে পোৱা অভিযোগসমূহ পদ্ধতিগতভাৱে পঞ্জীয়ন ও নিৰীক্ষণ কৰিবলৈ আৰু তেওঁলোকৰ জবাবদিহিতা নিশ্চিত কৰিবলৈ কোনো নিৰ্দেশনা জাৰি কৰা বা পদক্ষেপ লোৱাৰ কথা ভাবিছে নেকি?

এই সকলোবোৰৰ উত্তৰত কোৱা হৈছিল যে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশসকল ‘আভ্যন্তৰীণ প্ৰক্ৰিয়া‘ অনুসৰি ন্যায়াধীশসকলৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰিবলৈ সক্ষম। উত্তৰত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় জন অভিযোগ নিবাৰণ আৰু নিৰীক্ষণ প্ৰণালী (CPGRAMS) বা আন কোনো মাধ্যমৰ জৰিয়তে ন্যায়পালিকাৰ সদস্যসকলৰ বিৰুদ্ধে প্ৰাপ্ত অভিযোগসমূহ মুখ্য ন্যায়াধীশ বা সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে, অভিযোগৰ পদ্ধতিগত তথ্য সংৰক্ষণ আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ চৰকাৰে কোনো নিৰ্দেশনা জাৰি কৰাৰ প্ৰস্তাৱ দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত সাংবাদিক সৌৰভ দাসে সামাজিক মাধ্যমৰ জৰিয়তে উদ্বেগ প্ৰকাশ কৰি কয়, “মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন কাৰ্যকৰী মুখ্য ন্যায়াধীশ টি. ৰাজাৰ বিৰুদ্ধে দুৰ্নীতি আৰু দুৰাচাৰৰ অভিযোগৰ সৈতে জড়িত মোৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত উচ্চতম ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীয়ে শপতনামা দি কৈছে যে তেওঁলোকে বিচৰা ধৰণৰ তথ্য সংৰক্ষণ নকৰে। তেন্তে সংসদত বছৰেকীয়া তথ্য কেনেকৈ দিয়া হ’ল?”

#BREAKING: Over 8,600 complaints were received against sitting judges by the Office of the Chief Justice of India in last ten years alone!

The Supreme Court of India presented this data to the Union Law Ministry in response to a Parliamentary question by Mr. Matheswaran V.S.… pic.twitter.com/fWNMJF89DW

— Saurav Das (@SauravDassss) February 13, 2026

তেওঁ আৰু প্ৰশ্ন কৰে, “তেন্তে উচ্চতম ন্যায়ালয়ৰ ৰেজিষ্ট্ৰীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত শপত খাই মিছা কথা কৈছে নেকি? যদি সেয়াই হয়, তেন্তে এয়া অভূতপূৰ্ব আৰু তথ্য দিবলৈ অস্বীকাৰ কৰি এজন ন্যায়াধীশক সুৰক্ষা দিয়াৰ দায়িত্বত থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে! কাক সুৰক্ষা দিয়া হৈছে? তেওঁলোকে এনে কিয় কৰিছে? আৰু মোৰ আৰটিআই (RTI) প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকৰ কিহৰ ভয়? আনকি তেওঁলোকে উচ্চ ন্যায়ালয়ক বিভ্ৰান্ত কৰাৰ পৰ্যায়লৈকে গৈছিল। আজি ব্যৱস্থাটো উন্মোচিত হৈছে; জবাবদিহিতা নিশ্চিত হ’ব লাগে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd