• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘হোৱাটছএপ ইউনিভাৰ্ছিটি’ৰ তথ্য উচ্চতম ন্যায়ালয়ত নচলে; সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2026 10:59 am
ফটোঃ এ আই।

ফটোঃ এ আই।

32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ত সবৰীমালা গোচৰৰ শুনানিৰ সময়ত এটা লঘু ধেমালি মুহূৰ্তৰ সৃষ্টি হয় যেতিয়া ন্যায়াধীশ বি. ভি. নাগাৰত্নাই স্পষ্টভাৱে জনাই দিয়ে যে ‘হোৱাটছএপ ইউনিভাৰ্ছিটি’ৰ পৰা অহা কোনো তথ্য বা জ্ঞান অন্তত দেশৰ শীৰ্ষ আদালতত গ্ৰহণযোগ্য নহয়।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত ৯ জনীয়া সংবিধান বিচাৰপীঠত ধৰ্মীয় স্বাধীনতাৰ পৰিসৰ আৰু বিভিন্ন ধৰ্মৰ মহিলাৰ সৈতে বৈষম্যমূলক ব্যৱহাৰৰ দীঘলীয়া যুক্তি-তৰ্কৰ সময়ত তেওঁ এই মন্তব্য কৰে।

Apply Now

জ্যেষ্ঠ অধিবক্তা নীৰজ কিষাণ কৌলে যুক্তি দি থকাৰ সময়তে কয় যে জ্ঞান বা প্ৰজ্ঞা যি উৎসৰ পৰাই নাহক কিয় তাক গ্ৰহণ কৰাত কোনো সংকোচ থাকিব নালাগে বুলি কয়। তেওঁ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ এটা প্ৰবন্ধৰ উদ্ধৃতি দিয়ে, য’ত ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত বিষয়ত ন্যায়িক সংযমৰ কথা কোৱা হৈছিল।

অধিবক্তা কৌলে যুক্তি দিছিল যে আমাৰ সভ্যতা ইমানেই চহকী যে আমি যিকোনো দেশ বা বিশ্ববিদ্যালয়ৰ তথ্য আদৰি ল’ব পাৰো। ইয়াতেই ৰসবোধ টানি আনি ন্যায়াধীশ নাগাৰত্নাই হাঁহি কয়, “কিন্তু হোৱাটছএপ ইউনিভাৰ্চিটিৰ পৰা নহয়।”

ন্যায়াধীশৰ এই মন্তব্যই আদালতৰ কক্ষত হাঁহিৰ খোৰাক যোগায়। অধিবক্তাগৰাকীয়ে অৱশ্যে কৌতুকটোৰ মাজলৈ নগৈ তথ্যৰ উৎসৰ ওপৰত গুৰুত্ব দিয়াতকৈ তথ্যৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিব বিচৰা বুলি কয়।

অৱশ্যে এই ধেমেলীয়া মুহূৰ্তৰ আঁৰত গভীৰ আইনী বিতৰ্ক চলিছিল। অধিবক্তা কৌলে দাউদী বহৰা সম্প্ৰদায়ৰ মুৰব্বীৰ বাবে যুঁজিছিল। তেওঁৰ মূল যুক্তি আছিল যে সংবিধানৰ ২৬(খ) অনুচ্ছেদৰ অধীনত এটা ধৰ্মীয় সম্প্ৰদায়ৰ নিজা ধৰ্মীয় কাম-কাজ চলোৱাৰ অধিকাৰ সদায় ২৫(২)(খ) অনুচ্ছেদৰ অধীনত সমাজ সংস্কাৰ আইনৰ জৰিয়তে দমন কৰা উচিত নহয়। তেওঁ স্পষ্ট কৰি দিয়ে যে যদি জনশৃংখলা, নৈতিকতা বা জনস্বাস্থ্যৰ বিষয় আছে, তেন্তে সেয়া বেলেগ কথা, কিন্তু কেৱল ‘সামাজিক সংস্কাৰ’ৰ নামত কোনো বিশেষ ধৰ্মীয় প্ৰথা সলনি কৰিব নোৱাৰি।

‘মৰেলিটি’ বা নৈতিকতা শব্দটোৰ ব্যাখ্যা এই বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ আহিছে। ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাই প্ৰশ্ন উত্থাপন কৰে যে পৰিৱৰ্তিত সময়ৰ লগত সংগতি ৰাখি এই গোচৰত ‘সাংবিধানিক নৈতিকতা’ৰ ধাৰণাটো কিয় প্ৰয়োগ কৰিব নোৱাৰি? ইয়াৰ উত্তৰত অধিবক্তা কৌলে সকীয়াই দিয়ে যে যদিহে প্ৰতিটো ধৰ্মীয় বিষয়ত সাংবিধানিক নৈতিকতা অনা হয় তেন্তে ই প্ৰণয়নকৰ্তাসকলৰ মূল ধাৰণাটোৰ বহু ওপৰলৈকে বিস্তৃত হ’ব। তেওঁৰ মতে সামাজিক নৈতিকতা স্থিৰ কৰিব পাৰি, কিন্তু যিকোনো আপত্তিজনক প্ৰথা ইতিমধ্যে জনস্বাৰ্থৰ বিৰুদ্ধে বুলি গণ্য কৰা হয়, যাৰ বাবে কোনো নতুন মাপকাঠী আমদানি কৰাৰ প্ৰয়োজন নাই।

আদালতে আজি স্বীকাৰ কৰে যে ন্যায়িক মঞ্চত এটা ধৰ্মীয় গোটৰ কোনটো প্ৰথা অপৰিহাৰ্য আৰু কোনটো গৌণ সেইটো নিৰ্ণয় কৰাটো অতি কঠিন, প্ৰায় অসম্ভৱ। মন কৰিবলগীয়া যে ২০১৮ চনত এক ঐতিহাসিক ৰায়দানত উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ১০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ ঋতুমতী মহিলাক সবৰীমালা মন্দিৰত প্ৰৱেশৰ নিষেধাজ্ঞা উঠাই দিছিল। সেই ৰায়ক প্ৰত্যাহ্বান জনাই এই বৃহত্তৰ বিচাৰপীঠত বৰ্তমান শুনানি চলি আছে, য’ত অনাগত দিনত ধৰ্মীয় স্বাধীনতা আৰু লিংগ সমতাৰ মাজত নতুন ভাৰসাম্য গঢ়ি উঠিব পাৰে বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd