ভাৰতৰ নিৰ্বাচন আয়োগে স্বতন্ত্ৰভাৱে কাম কৰিব লাগিব। ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত হ’ব লাগিব। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি ভি নাগাৰত্নাৰ। তেওঁ নিৰ্বাচন আয়োগৰ বাহিৰেও আন কেন্দ্ৰীয় সংস্থাসমূহকো স্বায়ত্তশাসন দিয়াৰ পোষকতা কৰে।
শনিবাৰে পাটনাৰ চাণক্য ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশ বি ভি নাগাৰত্নাই কয় যে কেন্দ্ৰীয় সংস্থাসমূহে স্বতন্ত্ৰভাৱে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু তেতিয়া ৰাজনৈতিক প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত নহয়।
তেওঁ লগতে কয় যে সাংবিধানিক ব্যৱস্থা অক্ষুন্ন ৰাখিবলৈ এই প্ৰতিষ্ঠানসমূহৰ নিৰপেক্ষতা অতি গুৰুত্বপূৰ্ণ। য’ত সাধাৰণ ৰাজনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে নিৰপেক্ষতা নিশ্চিত কৰাটো সম্ভৱ নহয়, তেনে ক্ষেত্ৰত এই বিশেষ প্ৰতিষ্ঠানসমূহে নিৰীক্ষণৰ কাম কৰে।
বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি ন্যায়াধীশ বি ভি নাগাৰত্নাই কয় যে নিৰ্বাচন আয়োগ, নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক (চি এ জি) আৰু বিত্ত আয়োগ ‘পৃথক, বিশেষ আৰু তেওঁলোকক তেনে কাম দিয়া হৈছে য’ত নিৰপেক্ষতা নিশ্চিত কৰাটো অপৰ্যাপ্ত হ’ব পাৰে।’ তেওঁ কয় যে এই প্ৰতিষ্ঠানসমূহে স্বতন্ত্ৰভাৱে কাম কৰাটো আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত নোহোৱাটো অতি গুৰুত্বপূৰ্ণ।
দেশৰ গণতন্ত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে নিৰ্বাচন অনুষ্ঠিত কৰাটো কেৱল এটা নিয়মীয়া কাম নহয়, বৰঞ্চ ৰাজনৈতিক কৰ্তৃপক্ষ গঠন হোৱাৰ প্ৰক্ৰিয়া।
তেওঁৰ ভাষাত, “আমাৰ নিৰ্বাচন সময়মতে অনুষ্ঠিত হোৱাৰ কাৰণে আমাৰ সাংবিধানিক গণতন্ত্ৰত যে চৰকাৰৰ পৰিৱৰ্তন মসৃণভাৱে হয় সেয়া স্পষ্টভাৱে প্ৰমাণিত হৈছে। সেই প্ৰক্ৰিয়াৰ ওপৰত নিয়ন্ত্ৰণৰ অৰ্থ কাৰ্যতঃ ৰাজনৈতিক প্ৰতিযোগিতাৰ চৰ্তসমূহৰ ওপৰত নিয়ন্ত্ৰণ।”
তেওঁ ভাষণত লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তা আছে আৰু ৰাজ্যসমূহক কোনো প্ৰকাৰে কেন্দ্ৰৰ ‘অধীনস্থ’ বুলি গণ্য কৰা উচিত নহয়। তেওঁ সকীয়াই দিয়ে যে ক্ষমতাৰ উৎস যিমানেই বৈধ নহওক কিয়, ই সদায় জবাবদিহিতাৰ আওতাত থকা উচিত আৰু প্ৰতিষ্ঠানসমূহৰ আভ্যন্তৰীণ অৱক্ষয়ে গণতন্ত্ৰক দুৰ্বল কৰি তোলে।





