• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰিৱেশ আইন দুৰ্বল হ’ব নোৱাৰে! বনশক্তি ৰায়ৰ পুনৰ মূল্যায়নত ন্যায়াধীশ ভূঞাৰ বিৰোধিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2025 10:43 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ শুনানিত ২০২৪ চনৰ বনশক্তি গোচৰৰ ৰায়দান পুনৰ বিবেচনাৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতাৰ সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী মত প্ৰকাশ কৰে ন্যায়াধীশ উজ্জ্বল ভূঞাই। এই মূল ৰায়দানত নিৰ্মাণ প্ৰকল্প আৰম্ভ হোৱাৰ পিছত পৰিৱেশ অনুমোদন (EC) প্ৰদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সংকটক ন্যায়াধীশ ভূঞাই পৰিৱেশীয় বিপদৰ এক দৈনিক সতৰ্কবাণী হিচাপে অভিহিত কৰে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ সৰ্বোচ্চ সাংবিধানিক কৰ্তৃপক্ষ হিচাপে উচ্চতম ন্যায়ালয়ৰ পৰিৱেশ সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ কৰ্তব্য আছে আৰু বৰ্তমানৰ পৰিৱেশ সুৰক্ষা ব্যৱস্থাক কোনো কাৰণতে দুৰ্বল কৰা উচিত নহয়।

Apply Now

“ৰেট্ৰ‘গ্ৰেড ষ্টেপ”

মূল বনশক্তিৰ ৰায়দানত স্পষ্ট কৰি দিয়া হৈছিল যে নিৰ্মাণ বা প্ৰকল্প সম্প্ৰসাৰণ আৰম্ভ কৰাৰ আগতে পৰিৱেশ অনুমোদন লাভ কৰাটো বাধ্যতামূলক। ন্যায়াধীশ ভূঞাই কয় যে প্ৰকল্প বা কাৰ্য্য আৰম্ভ হোৱাৰ বা সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদন প্ৰদান কৰিলে এই মৌলিক নীতিটো ক্ষতিগ্ৰস্ত হয় আৰু শেহতীয়া পৰ্যালোচনাৰ সিদ্ধান্তক তেওঁ এক পশ্চাদগামী পদক্ষেপ হিচাপে অভিহিত কৰে।

তেওঁ জোৰ দি কয় যে পৰিৱেশ আইন অনুসৰি প্ৰকল্প আৰম্ভ হোৱাৰ পূৰ্বে ক্ষতি প্ৰতিৰোধ কৰিবলৈ বৈজ্ঞানিক মূল্যায়ন, ৰাজহুৱা শুনানি, আৰু ইয়াৰ প্ৰভাৱ সন্দৰ্ভত অধ্যয়নৰ প্ৰয়োজন। ইতিমধ্যে ক্ষতি হোৱাৰ পিছত অনুমোদন দিলে এই সুৰক্ষা ব্যৱস্থাসমূহ কাৰ্যকৰী হ’ব নোৱাৰে।

অবৈধ স্মাৰকপত্ৰ আৰু পূৰ্বৰ সিদ্ধান্ত

২০২১ চনৰ চৰকাৰী স্মাৰকপত্ৰৰ অধীনত নিৰ্মাণৰ পাছত (ৰেট্ৰ‘স্পেক্টিভ) অনুমতি বিচৰা নিৰ্মাণকাৰীসকলৰ যুক্তি ন্যায়াধীশ ভূঞাই নাকচ কৰে। তেওঁ স্মাৰকপত্ৰখনক অবৈধ বুলি ঘোষণা কৰে, কাৰণ ই পূৰ্বৰ নিয়ম আৰু আগৰ আদালতৰ সিদ্ধান্তৰ বিৰোধী। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাঙিলে প্ৰদূষণ বৃদ্ধি পাব বুলি দাবী কৰিলে অবৈধ নিৰ্মাণৰ ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।

কমন ক’জ (২০১৭) আৰু আলেম্বিক ফাৰ্মাচিউটিকেলছ (২০২০)ৰ দৰে উচ্চতম ন্যায়ালয়ৰ বাধ্যবাধকতামূলক ৰায়দানৰ কথা উল্লেখ কৰি ন্যায়াধীশ ভূঞাই কয় যে ৰেট্ৰ’স্পেক্টিভ পৰিৱেশ অনুমোদনৰ কোনো আইনী ভিত্তি নাই আৰু এনে অনুমোদন পৰিৱেশ তথা আইনৰ বাবে ক্ষতিকাৰক।

আলোচনাৰ ঊৰ্ধ্বত পৰিৱেশ সুৰক্ষা

ন্যায়াধীশ ভূঞাই অ-পশ্চাদগমনৰ বিশ্বব্যাপী নীতি (Global Principle of Non-Regression) উল্লেখ কৰি সতৰ্ক কৰি দিছিল যে এক্স প’ষ্ট ফেক্টো পৰিৱেশ অনুমোদনৰ অনুমতি দিলে ১৯৭২ চনৰ ষ্টকহোম সন্মিলন আৰু ১৯৯২ আৰু ২০১২ চনৰ ৰিঅ’ সন্মিলনৰ পৰা দশকজোৰা পৰিৱেশ সুৰক্ষাৰ নীতিক বিপৰীতমুখী কৰা হ’ব।

আনহাতে, ন্যায়াধীশ বি.আৰ. গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনে ব্যৱহাৰিক উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সীমিত ৰেট্ৰ’স্পেক্টিভ অনুমোদনৰ অনুমতি দিছিল। কিন্তু ন্যায়াধীশ ভূঞাই দৃঢ়তাৰে কয় যে আদালতে কঠোৰ পৰিৱেশ সুৰক্ষা বজাই ৰাখিব লাগিব আৰু প্ৰতিষ্ঠিত ন্যায়িক নীতিৰ পৰা আঁতৰি অহা উচিত নহয়।

ন্যায়াধীশগৰাকীয়ে এই সিদ্ধান্তত উপনীত হয় যে ৰেট্ৰ’স্পেক্টিভ ক্লিয়াৰেন্স বিচাৰি দিয়া পৰ্যালোচনা আবেদনসমূহ সম্পূৰ্ণৰূপে খাৰিজ কৰাৰ পক্ষপাতী, আৰু পুনৰ দৃঢ়তাৰে কয় যে পূৰ্বৰ পৰিৱেশ অনুমোদনসমূহ বহনক্ষম উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আলোচনাৰ বিষয় হ’ব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

অসম ৰাজ্যিক ভাৰতীয় গোৰ্খা পৰিসংঘৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী গীতা উপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

July 15, 2026 3:54 pm
উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ মাৰ্কিন নাগৰিক! পাছপ’ৰ্ট নোহোৱাকৈ ৭ মাহ ধৰি কি কৰিছিল ভাৰতত?

July 15, 2026 2:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd