• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই পি এলত ইতিহাস! ১৫ হাজাৰ কোটি টকাত বিক্ৰী হ’ল ৰাজস্থান ৰয়েলছ; কোনে কৰিলে ক্ৰয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2026 8:58 pm
329
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ ইতিহাসত এক অভূতপূৰ্ব চুক্তি। আমেৰিকাৰ ভাৰতীয় মূলৰ উদ্যোগপতি কাল সোমানিয়ে ১.৬৩ বিলিয়ন মাৰ্কিন ডলাৰ বা ১৫ হাজাৰ কোটি টকাত ৰাজস্থান ৰয়েলছ ক্ৰয় কৰিছে।

একেসময়তে তেওঁ ইতিহাস ৰচনা কৰিলে, ৰাজস্থান ৰয়েলছে ইতিহাস ৰচনা কৰিলে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগেও ইতিহাস গঢ়িলে। প্ৰথমবাৰৰ বাবে আই পি এলৰ ফ্ৰেঞ্চাইজিৰ মূল্য এক বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিলে। এইটো উপযুক্ত নে কেৱল চমক দিয়া সেয়া বিতৰ্কৰ বিষয়।

Apply Now

খবৰ অনুসৰি সমগ্ৰ চুক্তিখন বিচিচিআইৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। যদিহে ই সেউজ সংকেত পায় তেন্তে অহা কেইদিনমানৰ ভিতৰত এই চুক্তি আনুষ্ঠানিকভাৱে সম্পূৰ্ণ হ’ব পাৰে।

এই ঐতিহাসিক অধিগ্ৰহণৰ আঁৰত আছে সোমানিৰ নেতৃত্বত গঠন হোৱা কনচৰ্টিয়াম। এই কনচৰ্টিয়ামত ৱালমাৰ্টৰ ৰব ৱালটন আৰু ডেট্ৰাইট লায়ন্সৰ মালিক হেম্প পৰিয়ালকো অন্তৰ্ভুক্ত কৰা হৈছে বুলি কোৱা হৈছে।

কাল সোমানি কোন?

মূলতঃ আমেৰিকাৰ এৰিজোনাৰ স্কটছডেলত বাস কৰা এজন প্ৰযুক্তি উদ্যোগপতি কাল সোমানি। ডেৰ দশকৰো অধিক সময় ধৰি তেওঁ শিক্ষা প্ৰযুক্তি (EdTech), কৃত্ৰিম বুদ্ধিমত্তা (AI), ডাটা প্ৰাইভেচি আৰু ক্ৰীড়া প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কাম কৰি আহিছে।

তেওঁ কেইবাটাও সফল কোম্পানী গঢ়ি তুলিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল—

ইন্ট্ৰাএজ: এটা বিশ্বব্যাপী প্ৰযুক্তি সেৱা কোম্পানী।

ট্ৰুয়ো আৰু ট্ৰুয়ো. এআই: ডাটা প্ৰাইভেচি আৰু এআই গৰ্ভনেন্সৰ ওপৰত কাম কৰে।

একাডেমিয়ান: শিক্ষা প্ৰযুক্তিৰ মঞ্চ।

তেওঁ কেৱল প্ৰযুক্তিৰ ক্ষেত্ৰতে সক্ৰিয় নহয়, ক্ৰীড়া খণ্ডতো সক্ৰিয়। মটৰ চিটি গলফ ক্লাবৰ অংশীদাৰ, আৰু আন এটা ক্ৰীড়া উদ্যোগ আৰু টিজিএল গলফ লীগৰ প্ৰথম বিনিয়োগকাৰীও। এই অধিগ্ৰহণ হঠাতে হোৱা নাই। ইয়াৰ পূৰ্বে কাল সোমানি ৰাজস্থান ৰয়েলছৰ মাইনৰ শ্বেয়াৰহোল্ডাৰ আছিল। সেই সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ এতিয়া এটা নতুন কনচৰ্টিয়ামৰ নেতৃত্ব দিয়ে যিয়ে সমগ্ৰ ফ্ৰেঞ্চাইজিটো অধিগ্ৰহণ কৰিছে।

এই চুক্তিয়ে প্ৰমাণ যে আই পি এল এতিয়া বিশ্বৰ অন্যতম মূল্যৱান আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ৰীড়া লীগ। ইয়াৰ উপৰিও এইটোও স্পষ্ট যে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলে প্ৰযুক্তি, মনোৰঞ্জন আৰু ক্ৰীড়াৰ সংমিশ্ৰণ ঘটোৱা এই পৰিৱেশ তন্ত্ৰৰ প্ৰতি ক্ৰমান্বয়ে আগ্ৰহী হৈ পৰিছে।

কাল সোমানিৰ এই পদক্ষেপ কেৱল ফ্ৰেঞ্চাইজি ক্ৰয় কৰাই নহয়, বিশ্বৰ বাবে আই পি এলৰ আবেদনক নতুন উচ্চতালৈ লৈ যোৱাৰ সংকেত হিচাপেও দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd