কলিয়াবৰৰ সৰিয়হবাৰীত যোৱা ১৮ অক্টোবৰত সংঘটিত এচিড আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত এচিড আক্ৰমণকাৰী সঞ্জয় সৰকাৰ নামৰ যুৱকজনক অৱশেষত কলিয়াবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
শনিবাৰে নিশা কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে এচিড আক্ৰমণকাৰী সঞ্জয় সৰকাৰক।
ঘটনা সন্দৰ্ভত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে জানিব দিয়া অনুসৰি সঞ্জয় সৰকাৰক আজি আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত বিচাৰিব। অভিযুক্ত যুৱকজনক আৰক্ষীৰ জিম্মাত পালে আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলিও তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্য যে যোৱা দুর্গা পূজাৰ অষ্টমীৰ নিশা দুৰ্গোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি নিজ ঘৰলৈ উভতি অহাৰ পাছতে কলিয়াবৰৰ সৰিয়হবাৰীস্থিত যুৱতীগৰাকীৰ ঘৰৰ চৌহদৰ ভিতৰতে প্ৰৱেশ কৰি এচিড নিক্ষেপ কৰিছিল লম্পট সঞ্জয় সৰকাৰে।
জানিব পৰা মতে লম্পট সঞ্জয় সৰকাৰ নামৰ যুৱকজনৰ প্ৰেম প্ৰত্যাখ্যান কৰা বাবেই যুৱতীগৰাকীলৈ এচিড নিক্ষেপ কৰিছিল।
এই এচিড আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী লগতে সামান্য পৰিমাণে আহত হৈছিল যুৱতীগৰাকীৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ। সম্প্ৰতি এচিড আক্ৰমণত আহত হোৱা যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে।